Kaziranga Murder Case :কাজিৰঙাত নৃশংস হত্যাকাণ্ড

পিতৃৰ কুঠাৰৰ ঘাপত মৃত্যু পুত্ৰৰ,

8538d627 bffe 4ad0 bb56 d959c264c84d

Kaziranga Murder Case :

পিতৃৰ কুঠাৰৰ ঘাপত থিতাতে মৃত্যু পুত্ৰৰ ৷এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কাজিৰঙাত ৷ পুত্ৰহন্তা পিতৃৰ আত্মসমৰ্পণ আৰক্ষী থানাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ এক নং শিলডুবিত মঙলবাৰে নিশা সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডটি ।

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে নিশাৰ ভাগতে ঔম প্ৰকাশ নামৰ যুৱকজনে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল।

এই ক্ষেত্ৰত পিতৃ ধীৰু গোৱালে মাত মতাত পিতৃৰ স’তে কথাৰ কটাকটি হয় ঔম প্ৰকাশে ৷ ইয়াৰ মাজতে হাতত এখন কুঠাৰ লৈ ঔম প্ৰকাশে পিতৃ ধীৰক মাৰিবলৈ খেদি যায় ৷

ইয়াৰ প্ৰত্যুত্তৰত ধীৰু গোৱালাই পুত্ৰৰ হাতৰ পৰা কুঠাৰখন কাঢ়ি লৈ পুত্ৰক আঘাত কৰে ফলত তেজেৰে তুমৰলি হৈ মাটিত ঢলি পৰে ঔম প্ৰকাশ ৷ কিছু সময়ৰ পাছতে মৃত্যু হয় ঔম প্ৰকাশৰ ।

ঘটনা সংঘটিত কৰিয়ে পিতৃ ধীৰু গোৱালাই কঁহৰা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷ আনহাতে এই নৃশংস হত্যাকাণ্ডৰ বিষয়ে স্থানীয় লোকে পলমকৈহে গ’ম পায় ৷

ইতিমধ্যে পুত্ৰহন্তা পিতৃক অধিক তথ্যৰ বাবে কহঁৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, পিতৃৰ হাতত মৃত্যু হোৱা ঔম প্ৰকাশে প্ৰায়ে মদ্যপান কৰি আহি ঘৰত এক অশান্তিকৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে পিতৃ- মাতৃক মাৰধৰ কৰে ৷

Exit mobile version