Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

bcb05515 fe6c 4167 bec8 1a03b76cfee3

Srimanta Sankardev Sangha :

উত্তৰ পূৰ্ব ভাৰতৰ সৰ্ব বৃহৎ জাতীয় ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন ধেমাজীৰ চিমেন চাপৰিত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব ৷

কিন্ত মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত মঙলবাৰে নিশা অহা মুষলধাৰ বৰষুণত অধিৱেশনস্থলীৰ চৌদিশে কেৱল বোকা। আনকি অধিৱেশনস্থলীৰ বিশাল পথাৰৰ ঠায়ে ঠায়ে জমা হৈছে পানী

একেদৰে অধিৱেশনৰ বাবে নিৰ্মাণ কৰা গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীস্থলীোআৰু অস্থায়ী ভোজনালয়কে ধৰি বিভিন্ন গৃহতো সোমাইছে পানী।

ইফালে আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীস্থলীৰ ঠায়ে ঠায়ে পানী জমা হোৱাত যথেষ্ট অসুবিধাই দেখা দিছে ৷

এনে প্ৰেক্ষাপটত প্ৰতিকূল বতৰৰ বাবে অধিৱেশনৰ কাৰ্যসূচী চাৰিৰ পৰা পাঁচ দিন পিছুৱাই দিয়াৰ চিন্তা চৰ্চা কৰি অভ্যৰ্থনা কমিটিয়ে সংঘৰ মুল কমিটিক অৱগত কৰিছিল যদিও সেইয়া সংঘই পিছুৱাই দিয়াটো সম্ভৱ নহয় বুলি উল্লেখ কৰি কয়,অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন ৷

ইতিমধ্যে অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অধিবেশনস্থীত উপস্থিত হৈছে ভকত বৈষ্ণৱ৷সেয়ে বহু আলোচনাৰ অন্তত অভ্যৰ্থনা কমিটিৰ সম্পাদক ড:কমল গগৈয়ে এক প্ৰেছ বিবৃতিযোগে সদৰি কৰে যে, অধিৱেশন পিছুৱাই দিয়া নাই বুলি জনাইছে। নিৰ্দিষ্ট সময় মতেই অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শংকৰদেৱ সংঘই।

Exit mobile version