Turkey Earthquake : ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কলৈ ভাৰতীয় সেনা

ভূমিকম্পত আহত সকলক চিকিৎসাৰ বাবে সেনাই স্থাপন কৰিব ফিল্ড হাস্পতাল

fbe29a66 254b 408f b926 cc38358e161b

Turkey Earthquake :

এটাৰ পাছত আনটো বিধ্বংসী ভূমিকম্পত দিশহাৰা হৈ পৰা মধ্য প্ৰাচ্যৰ দেশ তুৰস্ক আৰু চিৰিয়াত প্ৰকৃতিয়ে চলোৱা ধ্বংসলীলাত আহত লোক সকলৰ চিকিৎসাৰ বাবে ইতিমধ্যে উপস্থিত হৈছে ভাৰতীয় সেনাৰ চিকিৎসকৰ দল ৷

উল্লেখ্য যে ভূমিকম্পত বিধ্বস্ত তুৰস্কলৈ ভাৰত চৰকাৰে ততাতৈয়াকৈ প্ৰেৰণ কৰে এছ ডি আৰ এফৰ এশজনীয়া এটা বৃহৎ দল ৷

একেদৰে ভূমিকম্পত আহত সকলৰ চিকিৎসা আৰু দুৰ্গত সকলৰ সহায়ৰ বাবে সেনাৰ বৃহৎ দলে চিকিৎসা সামগ্ৰী আৰু খাদ্য সামগ্ৰী লৈ ইতিমধ্যে উপস্থিত হৈছে দেশখনত ৷ তথ্য অনুসৰি ভূমিকম্প বিধস্ত অঞ্চলৰ সমীপতে ৩০ খন বিচনাযুক্ত ফিল্ড হাস্পতাল স্থাপন কৰি চিকিৎসা সেৱা আগবঢ়াব ৷

এই সন্দৰ্ভত তেজপুৰস্থ ভাৰতীয় সেনা সুত্ৰ এটিৰ পৰা জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ আগ্ৰাত থকা আৰ্মি ফিল্ড হাস্পতালে তুৰস্কলৈ প্ৰেৰণ কৰিছে ৮৯ জনীয়া চিকিৎসক – চিকিৎসাকৰ্মী দল ৷ দলটোত আছে চিকিৎসা বিশেষজ্ঞ,হাড়ৰ বিশেষজ্ঞ,চাৰ্জিকেল স্পেচিয়েলিষ্ট ৷

উল্লেখ্য যে ,ভূমিকম্প বিধ্বস্ত স্থানতে বিভিন্ন সুবিধা থকা ৩০ খন বিচনাযুক্ত হাস্পতাল স্থাপন কৰিব ৷য’ত উপলব্ধ হ’ব ভেন্টেলেটৰ,এক্স-ৰে যন্ত্ৰ,কাৰ্ডিয়াক মনিটৰ, অক্সিজেন উৎপাদন সজুঁলি, অক্সিজেন চিলিণ্ডাৰ, এম্বুলেঞ্চ সেৱা আৰু প্ৰয়োজনীয় বহুবোৰ সুবিধা ৷

Exit mobile version