Four Days Leave For Government Employees : আজিৰে পৰা অসমৰ চৰকাৰী কৰ্মচাৰীৰ চাৰিদিন ছুটী

পিতৃ-মাতৃৰ স'তে সময় কটোৱাৰ বাবে এই বিশেষ ছুটিৰ ব্যৱস্থা চৰকাৰৰ

images 3

Four Days Leave For Government Employees :

অসম চৰকাৰে আজিৰে পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে ৷ কৰ্মচাৰী সকলে নিজ পিতৃ- মাতৃ বা শহুৰ -শাহুৰ স’তে সময় কটোৱাৰ বাবে দুদিনৰ ছুটিৰ ব্যৱস্থা কৰিছে ৷

আনহাতে শনিবাৰ আৰু দেওবাৰে চৰকাৰী বন্ধক লৈ মুঠ ছুটিৰ চাৰিদিন দৈনন্দিন কামৰ পৰা আঁতৰি পৰিয়ালৰ স’তে সময় কটাব পাৰিব ৷ অৰ্থাৎ একেলগে চাৰিদিন কামৰ পৰা সকাহ পাব কৰ্মচাৰী সকলে ৷

উল্লেখ্য যে,কৰ্মচাৰী সকলে ছুটি লৈ কোনোৱে কৰিব নোৱাৰিব অৱসৰ বিনোদন ৷ এই কথা চৰকাৰী নিদেৰ্শনাত স্পষ্ট কৰি দিয়া হৈছে ৷

ছুটি মঞ্জুৰ প্ৰাপ্ত কৰ্মচাৰী সকলে বন্ধৰ দিনকেইটাত মাত্ৰ পিতৃ- মাতৃৰ স’তেহে কটাব পাৰিব ৷ অৱশ্যে ইয়াৰ প্ৰমাণ দিব লাগিব প্ৰতিজন কৰ্মচাৰীয়ে ৷ নিজ নিজ বিভাগৰ কৰ্তৃপক্ষৰ হাতত পিতৃ- মাতৃৰ স’তে কটোৱা ফটো দাখিল কৰাটো বাধ্যতামূলক ৷

Exit mobile version