Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 6

Horoscope:ৰাশিফল

মেষ: অনুকূল পৰিৱেশ। বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতা সকল উপকৃত হ’ব। বন্ধু- বান্ধৱৰ পৰা নিৰাশ নহ’ব। কর্মস্থানত বাধা দেখা নাযায়। প্ৰেমত মধ্যম। আজি যাত্ৰা নকৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

বৃষ : কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব। সম্পৰ্কীয় কথাত মন হঠাৎ বেয়াও হ’ব পাৰে। প্ৰেমত অস্থিৰতা। পঢ়াত শুভ। বিয়াত বাধা নাই। আজি পূব দিশে যাত্রা নিষেধ। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

মিথুন : প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাত লাভ। কর্মাদিত বেয়া দেখা নাযায়। শিল্প-সাহিত্য বিকাশ। ভ্ৰমণত কষ্ট। ঘৰুৱা অশান্তিৰ মাজত নিজৰ ঠিক ৰখাৰ যত্ন কৰক। আজি শুভকৰ্ম আৰম্ভ কৰিব পাৰে। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৫।

কর্কট : উন্নত পৰিবেশ। ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে। কর্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰৰ সম্ভাৱনা। পঢ়াত শুভ। ভ্ৰমণত দ্রব্য লাভ। আজি ভাতৰ লগত কেঁচা নিমখ নাখাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ২।

সিংহ : আর্থিকত চিন্তা থাকিব। নমঃ শ্রীশ্রীব্রহ্ময়ম নমঃ ১০ বাৰ জপ কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৩।

কন্যা : সু-সংযোগ লাভৰ যোগ। আৰ্থিকত মজলীয়া ফল পাব। দায়িত্ব পূর্ণ কর্মৰক্ষেত্ৰত সচেতন হওক। ভ্ৰমণত সাৱধান। আজি বেলগছৰ তলত পানী ঢালিব। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

তুলা : কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব। শাৰীৰিক দিশত ভালেই যাব। ব্যবসায়ত উন্নতিৰ চেষ্টাত সফল। কিবা ঘৰুৱা কথাতহে মনত দুখ। দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ এডাল ৰঙা সুতা হাতত বান্ধিব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক : দূৰ যাত্ৰাদিত বাধা। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ। শুভ ৰং আকাশী। শুভ সংখ্যা ৬।

ধনু : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব। খৰচ বৃদ্ধি পাব । কিছুমান দুৰ্ভাৱনাই লগ ধৰিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।

মকৰ : বিদ্যাৰ্থীৰ বাবে ভাল। শৰীৰ মধ্যম। সন্মান প্রাপ্তি শনি মন্দিৰত অকমান নীলা ৰঙৰ কাপোৰ দান দিয়ক, শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।

কুম্ভ : কোনো কৰ্মত আনন্দ পাব। হঠাৎ অৰ্থ লাভৰ আশা কৰিব পাৰে। মাতৃৰ শৰীৰ বেয়া নহ’ব। লেন-দেনত পৰাপক্ষত ঠিক থাকক। সন্তানৰ শুভ। ভ্রমণ সম্ভৱনা। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৫।

মীন: পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। আর্থিকত মজলীয়া ফল পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত মধ্যম উন্নতিৰ যোগ। কৰ্মক্ষেত্ৰত বাধাৰ কাকতা। শুভ ৰং বগা। শুভ সংখ্যা ৩।

Exit mobile version