Police-Army Encounter In Margherita:মাৰ্ঘেৰিটাত আলফা(স্বাঃ)-আৰক্ষীৰ মাজত তয়াময়া সংঘৰ্ষ

এজন দুৰ্ধৰ্ষ কেডাৰৰ নিহতৰ সন্দেহ !

WhatsApp Image 2023 02 09 at 12.43.58

Police-Army Encounter In Margherita:

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আলফা স্বাধীন আৰু আৰক্ষী-সেনাৰ মাজত তয়াময়া সংঘৰ্ষ ৷ পুৱতি নিশা সংঘটিত হোৱা সংঘৰ্ষক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে,মাৰ্ঘেৰিটাৰ লিডুৰ দুৰ্গম টিককৰ পাহাৰত আলফা স্বাধীনৰ কেডাৰ বাহৰ পাতি থকা সম্ভেদ পাই পুৱতি নিশা অৰ্তকিতে অভিযান চলাইছিল সেনা আৰু আৰক্ষীয়ে ৷

আৰক্ষীক দেখি আলফা কেডাৰৰে গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত সেনা আৰু আৰক্ষীয়ে গুলী বিনিময় কৰে ৷ দুয়ো পক্ষৰ গুলীয়াগুলীত বৰ্তমানলৈকে হতাহতৰ খবৰ নিশ্চিত কৰা নাই যদিও স্থানীয় সূত্ৰ এটিয়ে সদৰি কৰা মতে এই সংৰ্ঘষত আলফা কেডাৰ এজন নিহতৰ সন্দেহ ৷

বৰ্তমানেও সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে অঞ্চলটোত ৷

Exit mobile version