Road Accident : ছত্তীশগড়ত অটো-ৰিক্সা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ , সাতজন স্কুলীয়া শিশুৰ মৃত্যু

1675952596 truck

Road Accident :

ছত্তীশগড়ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰোৱালে সাতজন স্কুলীয়া শিশুয়ে । ঘটনাটো ৰাজ্যখনৰ কোৰেৰাত সংঘটিত হয় । দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

ADVERTISEMENT

আৰক্ষীয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে বিদ্যালয় বন্ধৰ পাছত আঠজন শিক্ষাৰ্থী এখন অট’ত ঘৰলৈ উভটিছিল। কাঙ্কেৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা কোৰেৰত, ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি এখন অট’ৱে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে।

ঘটনাস্থলীতে পাঁচজনকৈ স্কুলীয়া শিশুৰ মৃত্যু হয় । পাছত চিকিৎসালয়লৈ নিয়াৰ সময়ত আন দুগৰাকী শিশুৰ মৃত্যু হয়।ঘটনাটোত মুঠ সাতজন স্কুলীয়া শিশু নিহত হয় ।

ঘটনাটোত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । প্ৰত্যক্ষদৰ্শীৰ দাবী , অট’খন চলি থকাৰ সময়ত হঠাতে দিশ সলনি কৰি ৰাস্তাৰ বিপৰীত ফালে যায়।

সেই সময়ত, ৰাস্তা দি এখন ট্ৰাক যায় । হঠাতে অট’খন ট্ৰাকৰ সন্মুখলৈ আহি নিয়ন্ত্ৰণ হেৰুৱালে। তাৰ পাছতে দুৰ্ঘটনা ।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, আন এজন আঘাতপ্ৰাপ্ত স্কুলীয়া ছাত্ৰৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা কৰি আছে।

Exit mobile version