Horoscope: ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 7

Horoscope: ৰাশিফল

মেষ : দৈনিক কর্মত শুভ। আর্থিক ক্ষেত্ৰত স্বচ্ছলতা আহিব। ব্যৱসায়- বাণিজ্যত শুভ ফল আশা কৰিব পাৰে। আশা কৰা মতে ধন সঞ্চয় নহ’ব। উচ্চ শিক্ষাত নানা বাধাৰ সন্মুখীন হ’ব। শাৰীৰিক দিশত শুভ কাৰক নহ’ব। মঙলৰ শুভ প্ৰভাৱত দাম্পত্য জীৱন সুখকৰ হ’ব। প্ৰেমত বাধা থাকিব।

ADVERTISEMENT

বৃষ : কর্মক্ষেত্ৰত শান্তি বজাই থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সম্মান বৃদ্ধিৰ যোগ। শাৰীৰিক দিশত শুভ যদিও দিনৰ শেষৰ ভাগত সৰু-সুৰা বেমাৰে আমনি দিব পাৰে। নতুন কোনো উদ্যোগৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰি। বিদ্যাৰ্থীৰ উন্নতিৰ যোগ।

মিথুন : চাকৰিৰ ক্ষেত্ৰত উন্নতিত অযথা পলন। ব্যৱসায়ীসকলৰ শুভ যদিও কোনো অবাঞ্চিত লোকৰ কাৰণে ক্ষতি হ’ব পাৰে। পাৰিবাৰিক দিশত কাৰোবাৰক দায়িত্ব পূৰ্ণ কাম গতাই দিয়াৰ পূৰ্বে সাৱধান হ’ব। হাতলৈ অৰ্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব। বিদ্যাৰ্থীৰ মাধ্যম। মিথুনৰ জাতক-জাতিকাই সেউজীয়া ৰঙৰ টিকা লগাই ঘৰৰ পৰা ওলাব।

কর্কট : দৈনন্দিন কৰ্মত অস্থিৰতা দেখা দিব পাৰে। নিবনুৱা জাতক- জাতিকাৰ কৰ্ম লাভৰ যোগ আছে। আইনি ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ নহ’ব। স্থাবৰ সম্পত্তি পার্পিতৰ যোগ দেখা যায়। বিবাহৰ ক্ষেত্ৰত ওচৰ-চুবুৰীয়া তথা আত্মীয়ৰ শত্ৰুতা কৰিব পাৰে। প্ৰেমত অশান্তি থাকিব।

সিংহ ঃ শাৰীৰিক অসুস্থতাৰ কাৰণে দৈনন্দিন কামত বাধা অর্থনৈতিক ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সতর্ক থাকিব। কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়।

কন্যা : দৈনন্দিন কর্মত শুভ। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা দেখা যায়। আর্থিক আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। পাৰিবাৰিক দিশত পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থ ব্যয় প্ৰেমপ্ৰীতিৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে।

তুলা : কর্মক্ষেত্ৰত অপ্রত্যাশিতভাৱে ঝামেলা দেখা দিব পাৰে। উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যানবাহন আৰু ভূমি লাভৰ সুযোগ আহিব পাৰে। ব্যৱসায়-বাণিজ্যত শুভ ফল পোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক : কর্মক্ষেত্ৰত শান্তি বজাই থাকিব। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব. সৰু-সুৰা দুৰ্ঘটনাৰ ফলত ভৰিত প্ৰৱল আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে সতর্কতা অৱলম্বন কৰিব।

ধনুঃ চাকৰিৰ ক্ষেত্ৰত উর্ধ্বতন কর্তৃপক্ষৰ লগত মত বিৰোধীৰ সম্ভাৱনা। প্ৰেমৰ ক্ষেত্ৰত হতাশা, মনৰ আশআ ভংগ হ’ব পাৰে। ঘৰুৱা বিষয় লৈ পতি-পত্নীৰ মাজত মতভেদ দেখা দিব পাৰে।

মকৰ: কর্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। অর্থভাজ্যস্থিতিশীল নহ’ব। ব্যৱসায়-বাণিজ্যত হঠাৎ পৰিবৰ্তন আহিব পাবে। প্রতিযোগিতামূলক পৰীক্ষাত সাফল্যৰ যোগ বিদাৰ্থীসকলে উচ্চ শিক্ষাত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হব।

কুম্ভ :চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে, সন্তানৰ বাবে দিনটো শুভ নহয়। ন্যায্যপ্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। ব্যৱসায়- বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ।

মীন : কর্মক্ষেত্ৰত উন্নতিৰ যোগ। পুলিচি ঝামেলা-মামলা আদিৰ যোগ দেখা যায়। সামাজিক ক্ষেত্ৰত মানহানিৰ আশংকা, গতিকে চলাফুৰাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিব। পিতৃ-মাতৃৰ লগত কিবা বিষয়লৈ মত বিৰোধ হ’ব পাৰে।

Exit mobile version