State Cabinet:ৰাজ্য কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বাল্য বিবাহৰ বলি হোৱা কিশোৰীক দিয়া হ'ব পুনৰ সংস্থাপন

images 4

State Cabinet:

ৰাজ্যত বাল্য বিবাহৰ বলি হোৱা কিশোৰী সকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ বৃহস্পতিবাৰে দিছপুৰস্থ জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্য কেবিনেটৰ বৈঠকত বাল্য বিবাহৰ বলি হোৱা কিশোৰী সকলক পুনৰ সংস্থাপনৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে, ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীক চৰকাৰে অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ সমান্তৰালভাৱে ইতিমধ্যে বাল্য বিবাহৰ বলি হোৱা কিশোৰী সকলৰ পুনৰ সংস্থাপনৰ বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ কেবিনেটে গঠন কৰি দিয়এখন কমিটী ।

বিত্তমন্ত্ৰী অজন্তা নেওগ,শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰে গঠিত তিনিজনীয়া কমিটীখনে প্ৰতিবেদন দাখিল কৰাৰ পাছতেই চৰকাৰে গ্ৰহণ কৰিব যাবতীয় পদক্ষেপ

উল্লেখ্যযোগ্য , মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে অব্যাহত বাল্য বিবাহৰ স’তে জড়িতসকলৰ বিৰুদ্ধে অভিযান ৷ বাল্যবিবাহ সন্দৰ্ভত ৰজু হোৱা গোচৰৰ সংখ্যা ৪ হেজাৰৰো অধিক হোৱাৰ বিপৰীতে আটক হৈছে দুহেজাৰৰ অধিক লোকক ৷

মনকৰিবলগীয়া যে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ দোহাৰে বাল্য বিবাহৰ স’তে জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব ৷ এনে প্ৰেক্ষাপটত আগন্তুক দিনত আৰক্ষী অধিক কঠোৰ হোৱাৰ ইংগিতকে দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version