Karbi Anglong : কাৰ্বি আংলং আৰক্ষীৰ জালত অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড অজয় মহাৰাজ

Karbi Anglong :

যিটো সময়ত ৰাজ্য চৰকাৰে বিভিন্ন চোৰাং আৰু অবৈধ ব্যৱসায়ৰ ওপৰত অনমনীয়স্থিতি গ্ৰহণ কৰিছে সেইটো সময়তেই অসম,নগালেণ্ড আৰু মণিপুৰৰ পাৰ্শৱৰ্তী কাৰ্বি আংলংত আৰক্ষীৰ বিভিন্ন তালাচী আৰু অভিযানত উপৰ্যুপৰি জব্দ হৈ আহিছে অবৈধ সামগ্ৰী আৰু তাৰ সমান্তৰালভাৱে আটক হৈ আহিছে সৰৱৰাহকাৰী ৷

বিশষকৈ অৰুণাচলী সুৰা আৰু বাৰ্মিজ চুপাৰিৰ অবৈধ সৰৱৰাহ চতুৰ চোৰাং ব্যৱসায়ী সকলে বিভিন্ন কৌশলেৰে কৰি আহিছে ৷

আজি এই সংক্ৰান্তত কাৰ্বি আংলংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন নাথে এক সংবাদমেল যোগে ঘোষনা কৰে যে অৰুণাচলী অবৈধ সুৰা ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড অজয় মহাৰাজক অৰুণাচলৰ নাহৰ লগুণৰ পৰা কাৰ্বি আংলং আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷

অৰুণাচলী সুৰাৰ অবৈধ সৰৱৰাহ মহাৰাজৰ নেতৃত্বত নাহৰলগুণৰ পৰাই নিয়ন্ত্ৰিত হয় বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সংবাদমেলত সদৰি কৰে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে যোৱা ২৯ জানুৱাৰী তাৰিখে বৰপথাৰ আৰক্ষীয়ে এহেজাৰ কাৰ্টুন অৰুণাচলী বিয়েৰৰ কাৰ্টুন এখন ট্ৰাকৰ পৰা জব্দ কৰাৰ পাছতেই অবৈধ সুৰাৰ সৰৱৰাহৰ চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷

কাৰ্বি আংলং আৰক্ষীয়ে অৰুণাচলৰ নাহৰলগুণত বাহৰ পাতি অৱেশষত আটক কৰিবলৈ সক্ষম হয় কেবাখনো সুৰাৰ দোকান আৰু বণ্ড পৰিচালনা কৰা অজয় মহাৰাজক ৷

আনহাতে মেঘালয়ৰ এনে এটা সুৰাৰ অবৈধ চক্ৰৰ বিৰুদ্ধেও আৰক্ষীয়ে শীঘ্ৰে অভিযান আৰম্ভ কৰিব ৷ আনহাতে জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত আৰক্ষীৰ তালাচীত উপৰ্যুপৰি উদ্ধাৰ হোৱা বাৰ্মিজ চুপাৰি সম্পৰ্কত অতিৰিক্ত অধীক্ষক গৰাকীয়ে কয় যে এই সৰৱৰাহত বিয়াগোম ব্যৱসায়ীৰ পৰা স্থানীয় লোক জৰিত থকাৰ ইঙ্গিত পোৱা গৈছে আৰু সোনকালেই সকলোকে আটক কৰিব পৰা যাব ৷

উল্লেখযোগ্য যে বিশষকৈ সীমান্তৱৰ্তী ৰাজ্য কেইখনৰ লগত সংযোগ হৈ থকা ৩৬ নং আৰু ৩৯ ৰাষ্ট্ৰীয় ঘাইপথ দুটা কাৰ্বি আংলংৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে এনে অবৈধ সামগ্ৰী জব্দ আৰু সৰৱৰাহকাৰী আটক হৈ আহিছে কাৰ্বি আংলং আৰক্ষীৰ হাতত ৷

Exit mobile version