Turkey Earthquake : ভেণ্টিলেটৰ , কম্বল লৈ তুৰস্কত নামিল ভাৰতৰ সপ্তম বিমান , ৬০ খন চিকিৎসালয়লৈ যাব সাহায্য

1676189808 india

Turkey Earthquake :

ভূমিকম্পত বিধ্বস্ত তুৰস্ক আৰু ছিৰিয়া। সাহায্য লৈ তুৰস্ক লৈ ৰাওনা ভাৰতীয় বায়ু সেনাৰ সপ্তমখন বিমান ।’ অপাৰেচন দোস্ত ‘ অধীনত দেওবাৰে পুৱা আদানাত অৱতৰণ কৰে সেই বিমান। তাত আছে ভেণ্টিলেটৰ, চিকিৎসা সামগ্ৰী, কম্বল, শুকান খাদ্য ।

ভাৰতীয় বায়ু সেনাৰ চি-১৭ গ্লোবমাষ্টাৰে দেওবাৰে পুৱা তুৰস্কত অৱতৰণ কৰে। বিমানখনত ১৩ টন চিকিৎসা সামগ্ৰী আৰু ২৪ টন অন্যান্য সাহায্য সামগ্ৰী আছে।

লগতে অন্তৰ্ভুক্ত আছে ভেণ্টিলেচন যন্ত্ৰ, এনাস্থেচিয়া সঁজুলি। আদানা বিমানবন্দৰত এই সাহায্য সামগ্ৰী গ্ৰহণ কৰে ভাৰতীয় ৰাষ্ট্ৰদূত বীৰেন্দ্ৰ পল আৰু ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলে ।

এই চিকিৎসা সঁজুলিবোৰ তুৰস্কৰ ইস্কেন্দেৰানৰ ৬০ খন অস্থায়ী চিকিৎসালয়ত ব্যৱহাৰ কৰা হ’ব। ভূমিকম্পৰ পাছত ভাৰতে তুৰস্কলৈ প্ৰথম সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল। তাত উদ্ধাৰ আৰু চিকিৎসাৰ কাৰ্যত নামি পৰে ভাৰতীয় সেনাবাহিনী।

খোলা হৈছে অস্থায়ী শিবিৰ । স্থানীয় সূত্ৰ অনুসৰি, ভাৰতীয় সেনাৰ চিকিৎসালয়ত প্ৰতিদিনে ৪০০ জন লোক চিকিৎসাধীন হৈ আছে।

বিগত সোমবাৰে পুৱা তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ কম্পন অনুভূত হয় । ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৭.৪। ন ঘণ্টাৰ পাছত হয় দ্বিতীয়টো ভূমিকম্প । ইয়াৰ মাত্ৰা আছিল ৰিখটাৰ স্কেলত ৭.৬।

প্ৰথমটো ভূমিকম্পৰ পাছত তুৰস্ক আৰু ছিৰিয়াত প্ৰায় ১০০ বাৰ আফটাৰশ্বক হৈছে। এই পৰ্যন্ত ২৮ হেজাৰ লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা ৫০ হেজাৰ অতিক্ৰম হ’ব পাৰে বুলিও আশংকা কৰা হৈছে ।

এই কথা দাবী কৰিছে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু পুনৰ্বাসন প্ৰশাসনৰ মুৰব্বী মাৰ্টিন গ্ৰীফিথছে। কাৰণ এতিয়াও ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ আছে বহু মৃতদেহ । আহত হেজাৰ হেজাৰ লোক ।

Exit mobile version