Hatigaon Murder :মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত ভয়ংকৰ ঘটনা

দুই আবাসীৰ ভয়ংকৰ কাজিয়াৰ পৰিণতিত এজনৰ মৃত্যু

WhatsApp Image 2023 02 13 at 18.19.46 1

Hatigaon Murder :

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰ সমূহ আবাসীৰ বাবে কিমান সুৰক্ষিত ৷ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই যিমানেই ৰিহেব চেন্টাৰ পৰিদৰ্শন কৰি কৰ্তৃপক্ষক আবাসীৰ বাবে উন্নত আৰু সুৰক্ষিত ব্যৱস্থা কৰিবলৈ সৰ্তক কৰি দিছে ৷

কিন্ত তাৰ বিপৰীতে একাংশ ৰিহেব চেন্টাৰে মনা নাই চৰকাৰী নিদৰ্শনা ৷ কেন্দ্ৰ সমূহ আবাসীৰ বাবে হৈ পৰিছে মৰণফান্দ ৷

সোমবাৰে মহানগৰীৰ হাতীগাঁৱস্থ এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ লখিমী নগৰৰ সংযোগ পথৰ হাউচ নং ৪ মিৰক্কল ৰিহেব চেন্টাৰৰ দুই আবাসীৰ প্ৰচণ্ড কাজিয়াৰ পৰিণতিত এজন থিতাতে মৃত্যু হয় ৷

আমিনুৰ হুছেইন নামৰ আাবাসীজনে অৰিন্দম খাইণ্ড নামৰ আন এজন আবাসীৰ স’তে প্ৰথমে তৰ্কাতৰ্কি পাছত হাতত চোকা অস্ত্ৰৰে অৰিন্দমক উপযুপৰি প্ৰহাৰ কৰাত থিতাতে মৃত্যু হয় ৷

উল্লেখ্য যে, হত্যাকাৰী আমিনুৰ হুছেইন বিগত বহু বছৰ ধৰি নিচামুক্তি কেন্দ্ৰটোত আছিল ৷ ইতিমধ্যে হাতীগাওঁ আৰক্ষীয়ে হত্যাকাৰী আমিনুৰ হুছেইনৰ লগতে ৰিহেবিলিটেচন চেন্টাৰৰ স্বত্বাধিকাৰ ভৰদ্বাজ বৈশ্য আৰু কৌশিক হাজৰিকাক আটক কৰে ৷

Exit mobile version