Pakistan : পাকিস্তানত প্ৰতি লিটাৰ গাখীৰ ২১০ টকা , কুকুৰাৰ মাংস কিলোত ১১০০ টকা হ’ল

WhatsApp Image 2023 02 14 at 13.48.19 1

Pakistan :

ঋণগ্রস্ত দেশ পাকিস্তান বিত্তীয় দেশত সম্প্ৰতি জৰ্জৰিত হৈছে। দেশখনত ব্যাপক মুদ্রাস্ফীতিৰ ফলত সকলো সামগ্ৰীৰ মূল্য সৰ্বকালৰ সৰ্বাধিক হৈছে।

সম্প্রতি পাকিস্তানৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২১০ টকা হৈছে। গাখীৰৰ লগতে শেহতীয়াভাৱে কুকুৰাৰ মাংসৰ মূল্যও দেশখনত আকাশলংঘী হৈছে।

যোৱা জানুৱাৰীত পাকিস্তানত প্ৰতি কিলো কুকুৰাৰ মাংস ৩৮০-৪২০ টকা মূল্যত বিক্ৰী হৈছিল। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত মাংসৰ মূল্য ৩৯০-৪৪০ টকালৈ বৃদ্ধি পাইছিল।

সম্প্রতি দেশখনত ৭০০-৭৮০ টকা মূল্যত প্রতি কিলো কুকুৰাৰ মাংস বিক্ৰী হৈছে। ইফালে, প্রতি কিলো হাড়বিহীন কুকুৰাৰ মাংসৰ মূল্য ১,০০০-১,১০০ টকালৈকে বৃদ্ধি পাইছে।

Exit mobile version