Ali Ai Ligang : লখিমপুৰত ঐনিতম গুমৰাগৰ ধ্বনিত মতলীয়া মিচিং ডেকা গাভৰু

IMG 20230215 WA0038

Ali Ai Ligang :

মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লিগাং আজি লখিমপুৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। পৰম্পৰাগত পূজা- পাৰ্বন নৃত্য গীত খাদ্যভাস, সাজপাৰ আচাৰ- আচৰণ আৰু লোক বিশ্বাসত আগত ৰাখি ফাগুন মাহৰ প্ৰথম বুধবাৰে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে উদযাপনৰ কৰি অহা আলি আয়ে লিগাং আজি লখিমপুৰ জিলাৰ বড়িমুৰীস্থিত মিচিং কলাকৃষ্টি বিকাশ কেন্দ্ৰ কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত, লখিমপুৰ জিলা প্ৰশাসন আৰু উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আয়ে লিগাং উদযাপন সমিতিৰ সহযোগত উদযাপিত কৃষিভিত্তিক আলি আয়ে লিগাঙৰ কাৰ্যসূচী অনুসৰি কঠীয়া সিচা অৰ্থাৎ লীগ গদ পৰ্ব  ৰূপায়ণ কৰেপ্ৰদীপ দলে আৰু দিপ্তি দলেই।

ইয়াৰ পাছত নিবেদিতা য়েইন আৰু ডি আই ডি লিটল মাষ্টাৰ প্ৰথম ৰানাছ আপ্পন পেগুৱে অংশগ্ৰহণ কৰা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰাজশ্ৰী ডেকাই।

শোভাযাত্ৰা টোত মিচিং সমাজৰ ছবি প্ৰতিফলিত হোৱাৰ লগতে মিচিং ডেকা  গাভৰু ৰ গুমৰাগ নৃত্য আৰু ঐনিতমৰ সূত্ৰে মুখৰিত হৈ পৰে।

দুপৰীয়া উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আয়ে লৃগাঙে সোণালী জয়ন্তী বৰ্ষত ভৰি উপলক্ষে উদযাপন সমিতিয়ে উত্তৰ লখিমপুৰ মিচিং কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা স্মৃতি স্তম্ভটো সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক মানৱ ডেকাৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে।

বিয়লি মুকলি সভাখন উদ্ধোধন কৰি  কালিনাথ পাংগিঙে কয়- মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লিগাঙে অসমৰ বৰ্ণাঢ্য সংস্কৃতিক জীপাল কৰি ৰখাৰ লগতে অসমীয়া সংস্কৃতিক চহকী কৰাত অৰিহণা যোগাইছে। অনুষ্ঠ

Exit mobile version