Drugs Seized In kamakhya Station: আগৰতলা-বাংগালুৰু অভিমুখী হামচাফাৰ এক্সপ্ৰেছত জি আৰ পি অভিযানত

জব্দ বুজন পৰিমাণৰ হেৰইন

WhatsApp Image 2023 02 15 at 13.26.42

Drugs Seized In kamakhya Station:

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ হৈ থকাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ বাবে স্থল পথৰ পৰিৱৰ্তে নিৰাপদ স্থান হিচাপে বাচি লৈছে ট্ৰেইন ৷

এই ভয়ংকৰ তথ্য পোহৰলৈ আনিছে গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে ৷ জিআৰপিয়ে মালিগাঁৱস্থ কামাখ্যা ৰে’ল ষ্টেচনত ৰে’লৰ ডবাৰ পৰা উদ্ধাৰ কৰে কোটি টকা মূল্যৰ হে’ৰইন

জানিব পৰা মতে, কালি নিশা কামাখ্যা জিআৰপি চকীৰ এটা আৰক্ষীৰ দলে ষ্টেচনত নিয়মীয়া তালাচী চলাই থকাৰ সময়ত আগৰতলাৰ- বাংগালুৰু অভিমুখী ১২৫০৪ নং নামনিমুৱা হামচাফাৰ এক্সপ্ৰেছ খন ষ্টেচনত ৰখোৱাৰ পাছতে অতৰ্কিতে অভিযান চলাই এটা গৰাকীবিহীন বেগ জব্দ কৰে ৷ বেগটো খোলাৰ পাছতে উদ্ধাৰ কৰে সাত পেকেট হে’ৰইন ।

অৱশ্যে বেগটোৰ গৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল যদিও এন ডি পি এছ আইনৰ অধীনত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version