Sandeep Mehta Takes Oath As Chief Justice Of Guwahati High Court : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে সন্দীপ মেহতাই

WhatsApp Image 2023 02 15 at 19.14.10

Sandeep Mehta Takes Oath As Chief Justice Of Guwahati High Court :

আজি আবেলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ সন্দীপ মেহতাই । ৰাজভৱনৰ দৰবাৰ হলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত ন্যায়াধীশ সন্দীপ মেহতাক শপত বাক্য পাঠ কৰোৱালে প্ৰফেছৰ জগদীশ মুখীয়ে ৷

উল্লেখ্য যে, যোৱা ১২ ফেব্ৰুৱাৰীত এক নিৰ্দেশনা অনুসৰি সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে ।

ন্যায়াধীশ সন্দীপ মেহতাই ইয়াৰ পূৰ্বে ২০১১ ত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ৷ আনহাতে ১৯৮৬ চনত তেওঁ অধিবক্তা হিচাপে ওকালতি জীৱন আৰম্ভ কৰে।

একেদৰে ন্যায়াধীশ মেহতা ২০০৪ ৰ পৰা ২০০৫ লৈ তেওঁ বাৰ কাউন্সিল অৱ ৰাজস্থানৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১০ ত সভাপতি হিচাপে নিয়োজিত হয় ৷

শেহতীয়াকৈ মেহতাক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে ।

উল্লেখযোগ্য গুৱহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাত তেওঁৰ স্থানত ন্যায়াধীশ সন্দীপ মেহতাক নিযুক্তি প্ৰদান কৰা হৈছে ৷

Exit mobile version