Ford : এইবাৰ ৩৬০০ কৰ্মীক ছাটাই দিয়াৰ পথত বিশ্ববিখ্যাত গাড়ী নিৰ্মাতা ফ’ড

Ford India 0 1631262635100 1631262644776

Ford :

আমেৰিকাৰ বিশ্বখ্যাত গাড়ী নির্মাতা কোম্পানী ফ’ৰ্ডে ৩৬০০ কৰ্মচাৰীক অব্যাহতি দিয়াৰ সিদ্ধান্ত ল’লে। কোম্পানীটোৱে প্ৰকাশ কৰা অনুসৰি, জার্মানী আৰু ব্ৰিটেইনত কাম কৰা প্রতিষ্ঠানটোৰ এইসকল কৰ্মচাৰীক ছাটাই কৰা হ’ব।

ADVERTISEMENT

তদুপৰি ইউৰোপৰ অন্যান্য দেশতো প্রতিষ্ঠানত কৰ্মৰত কৰ্মীৰ ২০০ জনক অব্যাহতি দিয়া হ’ব বুলি ফ’ৰ্ডে এক বিবৃতিত জানিবলৈ দিয়ে।

জার্মানীত প্রডাক্ট ডেভ’লপমেণ্ট আৰু প্ৰশাসনিক বিভাগৰ ২৩০০ জন কৰ্মীক আৰু ব্ৰিটেইনত ১৩০০ জন কৰ্মীক ছাটাই কৰিব ফ’ৰ্ডে।

ব্যয় হ্ৰাস কৰি মুনাফা অব্যাহত ৰাখিবলৈ কৰ্মচাৰীক ছাটাই সিদ্ধান্ত লোৱা বুলি ফ’ৰ্ডে উল্লেখ কৰিছে।

Exit mobile version