Rhino Attacked in Gohpur : গহপুৰত ভয়ংকৰ ঘটনা !

গঁড়ৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত বনৰক্ষী সহ চাৰিজন লোক , গছত উঠি প্ৰাণৰক্ষা আন কেবাজনৰ,এজনৰ অৱস্থা সংকটজনক

WhatsApp Image 2023 02 16 at 17.33.11

Rhino Attacked in Gohpur :

গহপুৰত কাজিৰঙাৰ পৰা ওলায় অহা গড়ৰ সন্ত্ৰাস মহকুমাটোৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ডিপৰাৰ ফৰছেটাপুত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বনৰক্ষীসহ চাৰিজন লোক।

প্ৰাপ্ত খবৰ অনুসৰি , বৃহস্পতিবাৰে পুৱাৰ ভাগত ফৰছেটাপু অঞ্চলৰ পথাৰত সৰিয়হ তুলি থকা অৱস্থাত ডিপৰা তেলেনীৰ তিনিগৰাকী ব্যক্তি ক্ৰমে বাবা দৰ্জী, ৰাধিকা দৰ্জী,বা আৰু জয়লাস চাহানিক হঠাতে এটা গঁড়ে আক্ৰমণ কৰিছিল ৷

উল্লেখ্য যে ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা গঁড়টোৰ অৰ্তকিত?ে চলোৱা আক্ৰমণত আহত হয় বাবা দৰ্জী,ৰাধীকা দৰ্জী, আৰু জয়লাস চাহানি সহ গোপালজাৰণী বন শিবিৰৰ বনৰক্ষী আনন্দ ছেত্ৰী।

আহত কেইগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৷ কিন্ত ইয়াৰে জয়লাস চাহানিৰ অৱস্থা সংকটজনক হোৱাত প্ৰেৰণ কৰা হয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ।

স্থানীয় লোকে সদৰি উল্লেখ কৰা মতে, মুক্তভাৱে বিচৰণ কৰি থকা গড়টোক খেদিবলৈ চেষ্টা কৰোঁতেই গড়টোৱে উভতি ধৰাত বনকৰ্মী আনন্দ ছেত্ৰী আহত হয় ৷ আন সহযোগী কেইজন তৎক্ষণাৎ গছত উঠি প্ৰাণ ৰক্ষা কৰে ৷

শেহতীয়া বাতৰি মতে,লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন বনকৰ্মী আনন্দ চেত্ৰীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

Exit mobile version