Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 12

Horoscope:ৰাশিফল

মেষ : সাৱধানে দিনটো পাৰ কৰক। দৰকাৰী কামত অৱহেলা নকৰিব। শৰীৰ বৰ ভালেৰে নাযাব পাৰে। বিদ্যাত মজলীয়া ফল। খাদ্যাদিত যত্ন লওক। প্রেম বিবাদ। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

বৃষ : উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। আর্থিকতো বিশেষ কষ্ট নাপাব। বিদ্যাত মনোযোগ দিব পাৰিব. ব্যৱসায়ত বেয়া | নহ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৩।

মিথুন : সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপাব। অত্যাস্ত শুভ কথাতো আপুনি সন্তোষ কম পাব। আর্থিকত ব্যয় বৃদ্ধি পাব। শৰীৰৰ দুৰ্বলতা থাকিব। শুভ ৰং বগা, শুভ সংখ্যা ৫।

কর্কট : ফৰকাল অনুভৱ কৰিব। কর্মক্ষেত্রতো বিশেষ বাধা নাপাব। কর্তব্যত আগ্রহ বাঢ়িব। শৰীৰৰ বিশেষ সমস্যা নাথাকিব। উৎসাহজনক কথাত যোগদান। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭।

সিংহ : আনন্দ প্ৰাপ্তিৰ যোগ। কোন কৰ্মত আনন্দ পাব। পৰিৱেশো প্রতিকূল নহ’ব। পঢ়া-শুনাত বাদা কম। ব্যৱসায় বা স্বাধীন কৰ্মজীৱনৰ প্রতি আস্থা আথিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

কন্যা : আকস্মিক অর্থপ্রাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব। খুব উন্নত নহ’ব। অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।

তুলা : দুৰ্ভাৱনা এৰাব নোৱাৰিব। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব। কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা ৰাখক। শৰীৰ মধ্যম। শুভ ৰং, ক্রীম বা নীলা, শুভ সংখ্যা ৪।

বৃশ্চিক : আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা ঈন্সিত আশা পূৰণৰ কাৰক। কৰ্মত মধ্যম। দুই-এটা কামত দুশ্চিন্তাও সোমাব। উপায়হীনে নতুন আশা দেখিব। শুভ ৰং কমলা, শুভ সংখ্যা ৬।

ধনু : শৰীৰ সম্পৰ্কে সচেতন থাকক। আপোনাৰ কোন সমস্যা সমাধানৰ কাৰক। কিন্তু দুই-এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২।

মকৰ : উন্নত পৰিৱেশ। দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত। আর্থিকত বেয়া দেখা নাযায়। শিল্প বিদ্যাত আনন্দ। দাম্পত্যত অলপ দুশ্চিন্তা থাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

কুম্ভ : কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও ভবা শুনা কৰি ল’ব। কর্মত নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি পাব। প্রেমপ্রীতিত মধ্যম। পঢ়া-শুনাত খেলিমেলি থাকিব। শুভ ৰং আকাশী বা ৰঙা, শুভ সংখ্যা ৮।

মীন : পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব। ঘৰুৱাত শুভ সম্পাদন। আর্থিকত মজলীয়া। শুভ ৰং ক্রীম, শুভ সংখ্যা ১১।

Exit mobile version