Rehebilition Centre Opening :
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ পামহীত ৰাজ্যিক মাদক দ্ৰব্যবিৰোধী আৰু নিবাৰণী পৰিষদৰ অধীনৰ এটা নিচামুক্তি কেন্দ্ৰ উদ্বোধন কৰে ।
গুৱাহাটীৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ৰাজ্যিক মাদক দ্ৰব্যবিৰোধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতিৰ উপস্থিতিত নিচামুক্তি কেন্দ্ৰটো উদ্বোধন কৰি ৰখা বক্তব্যত মন্ত্ৰী হাজৰীকাই কয় যে নিচাসক্ত ব্যক্তিসকলো আমাৰ সমাজৰে অংশবিশেষ ।
আনহাতে বিগত বৰ্ষত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰেপৰা ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ব্যক্তিগত এই কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে ব্যৱস্থা লৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিগত ছয় মাহৰ ভিতৰত নিচামুক্তি কেন্দ্ৰসমূহৰ সামগ্ৰিক পৰিস্থিতি উন্নত হোৱা বুলি মন্তব্য কৰে ।
আজি চৰকাৰী খণ্ডৰ নিচামুক্তি কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে আজিৰ পৰা বিভাগীয় বিষয়াসকল এই কেন্দ্ৰ সু-পৰিচালনাৰ বাবে অধিক সষ্টম হৈ থাকিব লাগিব ।
উল্লেখযোগ্য যে অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, বৰপেটা, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলাত এটাকৈ মুঠ ছয়টা নিচামুক্তি কেন্দ্ৰ চৰকাৰী ব্যৱস্থাৰে পৰিচালনা কৰিব পৰাকৈ সাজু হৈ উঠিছে ।
মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে অনুষ্ঠান এটা আৰম্ভ কৰাটো সহজ কিন্তু ধাৰাবাহিকতা ৰক্ষা কৰি ভালদৰে চলাই যোৱাটোহে মূল কথা ।
এই ক্ষেত্ৰত নিচামুক্তি কেন্দ্ৰকেইটা অৱস্থিত অঞ্চলসমূহৰ বাসিন্দাসকলৰো সহযোগিতা কামনা কৰে মন্ত্ৰী হাজৰীকাই । কেন্দ্ৰকেইটাৰ বিষয়ে কিবা অভিযোগ আৰু পৰামৰ্শ থাকিলে স্থানীয় ৰাইজে প্ৰত্যক্ষভাৱে মন্ত্ৰীগৰাকীক জনাব পাৰিব বুলিও তেওঁ উল্লেখ কৰে ।