Fenugreek Tea Benefits : মেথি চাহৰ বিভিন্ন গুণ !

Fenugreek Tea Benefits Side Effects And How To Make It

Fenugreek Tea Benefits :

ভেষজ মছলাৰূপে মেথি বীজ আমাৰ সকলোৰে পৰিচিত। সেই সাধাৰণ মেথিৰো কিন্তু আপোনাৰ ওজন হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে।

কেৱল ওজন কমোৱাৰ ক্ষেত্ৰতেই নহয় কোষ্ঠকাঠিন্যৰ পৰা আৰম্ভ কৰি, মধুমেহৰ দৰে ৰোগ নিয়ন্ত্ৰণত ৰোগ ৰাখিবলৈকো মেথি অত্যন্ত কার্যকৰী। এই ক্ষেত্ৰত মেথি চাহে আপোনাৰ শৰীৰৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। মেথি চাহু তৈয়াৰৰ পদ্ধতি

একাপ মেথি গুড়ি

→ ডেৰ কাপ উতলা গৰম পানীত সেই গুড়িখিনি মিহলাব।

→ তাত এচামুচ মৌ মিহলাব পাৰে। ইচ্ছা কৰিলে তাত চাহপাত বা তুলসীৰ পাতো মিহলাৰ পাৰে।

→ সকলোবোৰ উপকৰণ একেলগে পাঁচ মিনিটমান উতলাব

→ এইবাৰ ছেকি লৈ সামান্য ঠাণ্ডা কৰি মেথি চাহত চুমুক দিয়ক।


মেথি চাহৰ উপকাৰিতা

→ এচিডিটী বা হজমৰ যাৱতীয় সমস্যা সহজে নিয়ন্ত্ৰণত ৰাখিবলৈ মেথি চাহে সাহায্য কৰে। ইয়াৰ উপৰি মেথিত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, যি পেট পৰিষ্কাৰ কৰি ৰখাৰ সমান্তৰালকৈ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰত ৰখাটো সহায় কৰে।

প্রতিদিনে পুৱা খালী পেটত মেথি চাহ পান কৰিব পাৰিলে কলেষ্টেৰল নিয়ন্ত্রণত থাকে। ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যও ভালে থাকে। হ্রাস পায় হার্ট এটেকৰ আশংকা।

→ শৰ্কৰা নিয়ন্ত্ৰণত ৰখাত মেথি চাহ অত্যন্ত উপকাৰী। এগৰাকী পুষ্টিবিদৰ মতে, ইনস্যুলিনৰ কার্যক্ষমতা বৃদ্ধিত মেথি চাহে সাহায্য কৰে। ফলত মধুমেহৰ দৰে সমস্যা সহজে দূৰত ৰাখিব পাৰি।

→ মেদবহুলতাৰ সমস্যা বা শৰীৰৰ অতিৰিক্ত ওজন দ্রুতগতিৰে কমোৱাৰ ক্ষেত্ৰতো মেথি চাহৰ বিকল্প পোৱা টান। সেই ক্ষেত্ৰত পুৱা খালী পেটত একাপ মেথি চাহ নিয়মিতৰূপে পান কৰিব পাৰিলে হজম ক্ষমতা বৃদ্ধি পায় আৰু ওজনো হ্রাস পাব।

> প্রতিদিনে পুৱা খালী পেটত মেথি চাহ পান কৰিব পাৰিলে বৃক্ক পৰিষ্কাৰ হৈ থাকে। মেথি চাহ পান কৰিব পাৰিলে বৃকত পাখৰ হোৱাৰ আশংকাও কমে।

Exit mobile version