Guwahati Murder:মহানগৰীৰ নুনমাটিত পৰকীয়া প্ৰেমৰ বাবেই লোমৰ্হষক হত্যাকাণ্ড

স্বামী ,শাহুক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি থ'লে ফ্ৰিজত,মেঘালয়ৰ ডাউকীত উদ্ধাৰ মৃতদেহৰ অৱশিষ্ট অংশ,হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড প্ৰেমিক সহ বোৱাৰী আটক

WhatsApp Image 2023 02 20 at 13.15.53

Guwahati Murder:

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক নৃশংস,বৰ্বৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে নুনমাটিত।

বন্দনা কলিতা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি স্বামী অমৰজ্যোতি দে আৰু শাহুয়েক শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা টুকুৰা- টুকুৰ কৰি তিনিদিনলৈ ভৰাই থৈছিল ফ্ৰীজত । তাৰ পাছত নিশাৰ এন্ধাৰৰ সূযোগ লৈ টুকুৰাবোৰ পেলাই দিছিল মেঘালয়ৰ ডাউকিত ।

ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বোৱাৰী গৰাকী আৰু তেওঁৰ প্ৰেমিকা সহ আন এগৰাকী সহযোগী। আৰক্ষীৰ মাৰাথন জেৰাত ইতিমধ্যে হত্যাকাণ্ড সৱিশেষ সদৰি কৰে আটকাধীন তিনিও হত্যাকাৰীয়ে ৷

উল্লেখ্য যে, যোৱাবৰ্ষৰ আগষ্ট মাহৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্বামী আৰু শাহু । আনকি প্ৰতিবেশীয়ে শেষবাৰৰ অমৰজ্যোতি দেক প্ৰত্যক্ষ কৰিছিল ১৭ আগষ্টত ৷ সন্দেহ কৰা মতে এই সময়ছোৱাতে হত্যা কৰিছ মাতৃ-পুত্ৰক ৷

এই হত্যাকাণ্ডত বন্দনাক সংগ দিছিল প্ৰেমিক আৰু প্ৰেমিক আৰু তেওঁৰ বন্ধুয়ে। আৰক্ষীয়ে আটক কৰা দুই অভিযুক্তৰ নাম অৰূপ ডেকা আৰু ধনজিৎ কলিতা ।

পৰকীয়া প্ৰেমৰ বাবেই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে বন্দনাই। স্থানীয় লোকে সদৰি কৰা মতে বন্দনা বাসগৃহ দিনে-ৰাতিয়ে বহু যুৱকৰ সঘনাই আহযাহ আছিল ৷

আনহাতে দেশ জোকাৰি যোৱা এই নৃশংস হত্যাকাণ্ডত বন্দনাৰ পিতৃ-মাতৃও জড়িত থকাৰ বিষয়ে বিভিন্ন মহলত অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে এই কথা সাজোৰে নাকচ কৰিছে৷ এই সন্দৰ্ভত তেওঁলোকে কয়, বন্দনা যদি দোষী হয় গুলীয়াই মৰাৰ আহ্বান পিতৃ কামিন কলিতাৰ ।

প্ৰাপ্ত খবৰ অনুসৰি দহ বছৰ পূৰ্বে অমৰজ্যোতি দেৰ লগত বিয়া হৈছিল বন্দনাই । শেহতীয়াকৈ দুয়োৰে মাজত মনোমালিন্য হোৱাৰ বাবে আদালতত চলি আছিল ডাইভৰ্চ কেচ ৷

আনহাতে আৰক্ষীয়ে গ্রেপ্তাৰ হোৱাৰ সময়লৈকে বন্দনা বসবাস কৰি আছিল নিজ পিতৃ- মাতৃৰ স’তে । ইতিমধ্যে এই বৰ্বৰ ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে ধৃত বন্দনা আৰু তেওঁৰ প্ৰেমিক সহ আন অভিযুক্তক লগত লৈ গুৱাহাটী সহ বিভিন্ন স্থানত মৃতদেহ বিচাৰি অব্যাহত ৰাখিছে অভিযান।

ইয়াৰ মাজতে সোমবাৰে শংকৰ দে’ৰ অৱশিষ্ট কিছু অংশ ডাউকীৰ দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই এখন হাত আৰু ছিন্ন মুণ্ড

আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ সম্প্ৰতি হত্যাকাণ্ডৰ মুল অভিযুক্ত বন্দনা কলিতা দে’ক পানবজাৰ মহিলা আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

শেহতীয়া খবৰ অনুসৰি ধৃত বন্দনা কলিতা,ধনজিৎ ডেকা,অৰূপ দাসক পানবজাৰ আৰক্ষীয়ে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰিছে ৷

জানিব পৰা মতে আৰক্ষীৰ জেৰাৰ বাবে পুনৰ জিন্মাত বিচাৰিব। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহ্ত বাহন খনো উদ্ধাৰ কৰিছে ৷

Exit mobile version