Panjab Pak Border Heroin Including Drone Seized:পঞ্জাৱৰ পাক সীমান্তত বিএছ এফৰ অভিযানত উদ্ধাৰ ২.৫ কিলো হিৰ’ইন সহ এখন ড্ৰ’ন

WhatsApp Image 2023 02 20 at 14.23.34 1

Panjab Pak Border Heroin Including Drone Seized:

পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ ভাৰত-পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ঘনিয়াকে গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে ২.৫ কিলোগ্ৰাম হিৰ’ইন সহ এখন কোৱাডকপ্টাৰ ড্ৰোন ৷

সীমান্তৰ সুৰক্ষাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ দল এটাই নিয়মীয়া টহলকাৰী দি থকা সময়তে গুৰদাসপুৰ জিলাৰ গাঁও ঘনিয়াকেৰ সমীপত পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে কোৱাডকপ্টাৰ ড্ৰ’ন ৷

উল্লেখ্য যে জব্দকৃত ড্ৰ’ন খনত হালধীয়া প্লাষ্টিকৰে বান্ধি থোৱা পেকেটৰ ভিতৰত উদ্ধাৰ কৰে প্ৰায় দুই কিলো সাতশ ত্ৰিশ গ্ৰাম ওজনৰ নিষিদ্ধ হিৰ’ইন

বিএছ এফৰ সূত্ৰ এটিয়ে সদৰি কৰা মতে,সীমান্তৰ সিপাৰৰ পৰা ড্ৰণৰ জৰিয়তে হিৰ’ইন সহ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰিছিল পেডলাৰে ৷ কিন্ত ড্ৰণ খন যান্ত্ৰিক বিজুতি ঘটি গুৰদাসপুৰ জিলাৰ গাঁও ঘনিয়াকে পথাৰত পৰি যায় বুলি সন্দেহ কৰিছে বিএছ এফে ৷
ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে পঞ্জাৱৰ পাক সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া কৰি তুলিছে নিৰাপত্তা

ব্যৱস্থা ৷

Exit mobile version