Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

গুৰুতৰভাৱে আহত শিল্পীগৰাকী চিকিৎসালয়ত ভৰ্তি

Sonu Sood

Attack on Sonu Nigam :

মায়ানগৰী মুম্বাইৰ চেম্বুৰত সোমবাৰে নিশা বলিউডৰ জনপ্ৰিয় কন্ঠ শিল্পী চনু নিগমৰ ওপৰত সংঘটিত হয় এক আক্ৰমণৰ ঘটনা ৷

চেম্বুৰত আয়োজিত হৈ থকা চেম্বু সমাৰোহৰ অন্তিম দিনৰ অনুষ্ঠানত মঞ্চত গীত পৰিৱেশনৰ অন্ত পেলায় মঞ্চৰ পৰা নামি অহা সময়তে হয় ঘটনাটো ৷ ছনু নিগমৰ স’তে এজন অনুৰাগীয়ে চেল্ফী ল’বলৈ আগ্ৰহ প্ৰকাশ কৰাত নিগমে বাধা প্ৰদান কৰে ৷

ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে ইয়াৰ মাজতে অনুৰাগীজনে ছনু আৰু তেওঁৰ মেনেজাৰ সহ আন এজন যন্ত্ৰসংগীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে৷হতাহতিৰ মাজতে চিৰিৰ পৰা বাগৰি আহত হয় ৷ আহত ছনুক ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ লৈ যোৱা হয় ৷

উল্লেখ্য যে, ছনু নিগমক আক্ৰমণ কৰা লোকজনক স্বপীল প্ৰকাশ ফাটেৰপেকাৰ চিনাক্ত কৰা হয় ৷তেওঁ মহাৰাষ্ট্ৰৰ শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ বিধায়কৰ পুত্ৰ ৷ আনহাতে ঘটনা সংঘটিতৰ পাছতে ছনু নিগমে দিয়া এজাহাৰৰ ভিত্তিত বিধায়কজনৰ পুত্ৰ স্বপীল প্ৰকাশক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version