International Travel : বিদেশত ছুটী কটাবলৈ বিগত এবছৰত ৮০০০ কোটি টকা ব্যয় কৰিছে ভাৰতীয়সকলে

download 8

International Travel :

কেৱল বিদেশ ভ্ৰমণৰ বাবে এবছৰত ৮০০০ কোটি টকা ! ভাৰতীয় নাগৰিকসকলৰ মাজত বৃদ্ধি পাইছে বিদেশ ভ্ৰমণৰ প্ৰৱণতা । এই বিষয়ে চৰ্চা অব্যাহত আছে । এইবাৰ এই কথাত ছীল মোহৰ লগালে ব্ল ৰিজাৰ্ভ বেংকে ।

তথ্য অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ন মাহত ভাৰতীয়সকলে বিদেশ ভ্ৰমণৰ বাবে প্ৰায় ১০ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৮২৭৫ হেজাৰ টকা) ব্যয় কৰিছিল।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ (আৰবিআই) তথ্য অনুসৰি , ২০২০২ বৰ্ষৰ এপ্ৰিল আৰু ডিচেম্বৰৰ ভিতৰত, ভাৰতীয়সকলে বিদেশত বন্ধৰ দিনত মুঠ ৯.৯৪৭ বিলিয়ন ডলাৰ ব্যয় কৰিছিল। ক’ভিড মহামাৰীৰ আগতে, পৰিমাণ আছিল প্ৰায় সাত বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৫,৮০০ কোটি টকা)।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ প্ৰতিবেদন অনুসৰি, কেৱল ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতীয়সকলে বিদেশ ভ্ৰমণৰ বাবে মুঠ ১.১৩৭ বিলিয়ন ডলাৰ ব্যয় কৰিছিল।

ভাৰতীয়সকলে বহি : ৰাজ্যত ছুটী কটোৱাৰ প্ৰৱণতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ জানুৱাৰী ৰ পৰা নৱেম্বৰৰ ভিতৰত ১৮ লাখ ভাৰতীয়ই বিদেশ ভ্ৰমণ কৰিছিল।

২০২১ চনত, সেই সংখ্যা আছিল প্ৰায় ৭৭ লাখ । বিদেশ ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা প্ৰায় ১৩৭ শতাংশ বৃদ্ধি পাইছে। ক’ভিডৰ পাছত ভাৰতৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত বিদেশলৈ ভ্ৰমণকাৰী এই সংখ্যক যোৱাটো যথেষ্ট আচৰিত।

Exit mobile version