Government Employees Take Bribes :পুনৰ হাত দাঙিলে এজন চৰকাৰী কৰ্মচাৰীয়ে

উৎকোচৰ ধন লওঁতেই হাতেলোটে কৰায়ত্ত মণ্ডল

WhatsApp Image 2023 02 22 at 17.59.55

Government Employees Take Bribes :

পুনৰ এজন চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিলে দক্ষিণ শালমৰাত ৷ উৎকোচৰ ধন লওতেই মণ্ডল এজনক হাতেলোটে কৰায়ত্ত কৰে অসম আৰক্ষীৰ দুনীৰ্তি নিবাৰক শাখাই

প্ৰাপ্ত তথ্য অনুসৰি দক্ষিণ শালমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল আবু তালেব মিঞাই এজন লোকৰ মাটি নামজাৰি কৰাৰ বাবে উৎকোচ বিচাৰিছিল ২১হেজাৰ টকা ৷ এই সন্দৰ্ভত অভিযোগকাৰীয়ে কাষ চাপে সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ ৷
বিভাগৰ পৰামৰ্শ অনুযায়ী আজি দুপৰীয়া ভাগত মণ্ডল আবু তালেব মিঞাক বিচৰা ধনৰ আগধন হিচাপে ১৩হেজাৰ দিওতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুনীৰ্তি নিবাৰক শাখাৰ বিষয়া দলে হাতে লোটে ধৰে ৷

ইতিমধ্যে ধৃত মণ্ডলজনৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধন কৰা অনুসৰি) ধাৰা ৭(ক)ৰ অধীনত এটা গোচৰ ৰুজু কৰি গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰে দুনীৰ্তি নিবাৰক শাখাই ৷

উল্লেখ্য যে ধৃত মণ্ডলজনৰ বিৰুদ্ধে অভিযোগকাৰীয়ে ইতিপূৰ্বেই সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ত ০৪/২০২৩ ত গোচৰ ৰজু কৰিছিল ৷

মনকৰিবলগীয়া যে,দীৰ্ঘদিন ধৰি দক্ষিণ শালমৰাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মাটি নামজাৰি কৰাকে ধৰি বিভিন্ন কামত ৰাইজৰ পৰা একাংশ ধনলোভী মণ্ডলে ধন বিচৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ বিচৰা ধৰণে ধন নিদিলে কোনো লোকৰে কাম হৈ নুঠিছিল ৷

Exit mobile version