Shelly Oberoi Elected As Delhi New Mayor :দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত ধূলিসাৎ বিজেপি

আপৰ প্ৰাৰ্থী শৈলী অৱেৰয়ৰ জয়,বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তা ৩৪ টা ভোটৰ ব্যৱধানত পৰাভূত

WhatsApp Image 2023 02 22 at 18.08.13

Shelly Oberoi Elected As Delhi New Mayor:

সকলো জল্পনা কল্পনাৰ ওৰ পেলাই দিল্লী পৌৰ নিগমৰ মেয়ৰ পদৰ বাবে আজি অনুষ্ঠিত হোৱা হাই প্ৰফাইল নিৰ্বাচনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী শৈলী অৱেৰয় জয়ী হয় ৷

দেশৰ ৰাজধানী চহৰ খনৰ মেয়ৰ পদৰ বাবে হোৱা নিৰ্বাচনত আপৰ প্ৰাৰ্থী শৈলী অৱেৰয়ে ১৫০ টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে ১১৬ টা ভোট ৷ ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত হয় বিজেপি প্ৰাৰ্থী গৰাকী। এক প্ৰকাৰ দিল্লীত ধূলিসাৎ হ’ল বিজেপি ৷

উল্লেখ্য যে,বিগত বৰ্ষৰ ডিচেম্বৰত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰ পাছতে মেয়ৰ নিৰ্বাচনৰ তাৰিখ তিনিবাৰ ঘোষণা কৰা হৈছিল ৷ কিন্তু আপ-বিজেপি বিবাদৰ বাবেই বিফল হৈছিল মেয়ৰ নিৰ্বাচন।

অৱশেষত সকলো উৎকণ্ঠাৰ অন্তত আজি আপৰ শৈলী অবেৰয় অৱশেষত দিল্লীৰ নতুন মেয়ৰ হিচাপে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে শৈলীয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ মেয়ৰ প্ৰাৰ্থী ৰেখা গুপ্তাই পায় ১১৬ টা ভোট লাভ কৰে ৷

নিৰ্বাচনত বিজেপি প্ৰাৰ্থী গৰাকী পৰাভূত হয় যদিও পুনৰ গণনাৰ দাবী তোলে বিজেপিয়ে ৷ তাৰ পাছতে পুনৰ ভোট গণনা হোৱাত মেয়ৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াজনে আপৰ প্ৰাৰ্থী শৈলী ৩৪ টা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি ঘোষণা কৰে।

এই ঘোষণাৰ পাছতে আপ’ৰ কাউন্সিলৰসকলে পৌৰ নিগমৰ চৌহদত বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে আপৰ নেতা-কৰ্মী সকলে ইজনে সিজনক আবিৰ সানি আবতৰীয়া হলী উদযাপন কৰে ৷

মনকৰিবলগীয়া যে, দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল আপৰ পক্ষত আছিল৷সেই অনুসৰি মেয়ৰ নিৰ্বাচনৰ বাবে দিন বাৰ থিক হোৱাৰ পাছতে বিজেপিয়ে বিষয়টো আওকান কৰি আছিল ৷

আনকি অভিযোগ উঠা মতে বিজেপিৰ ইচাৰাত উপ-ৰাজ্যপালে মেয়ৰ নিৰ্বচন অনুষ্ঠিত কৰাত বিধিপথালি দি আহিছিল ৷
শেহতীয়াকৈ উপ-ৰাজ্যপালৰ দ্বাৰা মনোনীত দহ সদস্যক ভোট দিয়াৰ সমগ্ৰ বিষয়টো আদালতৰ মজিয়া পাইগৈ ৷

উপ- ৰাজ্যপালৰ দ্বাৰা মনোনিত সদস্যসকলক ভোটদানৰ অধিকাৰ প্ৰদান নকৰিবলৈ আপে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ৷

সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ৰায় দিয়ে যে, লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা মনোনীত সদস্যসকলে মেয়ৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব। ইয়াৰ পাছতে সংখ্যাৰ বলত আপৰ বিজয় এক প্ৰকাৰৰ নিশ্চিত হয়।

সেই অনুসৰিয়ে আজি অনুষ্ঠিত মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থীৰ বিজয়ৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু উপ -মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শৈলীক অভিনন্দন জনায় ৷

Exit mobile version