Guwahati Double Murder Case : হত্যাকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই যদিও তিনি অভিযুক্তই তদন্তত আগবঢ়াইছে সহযোগিতা : ক’লে আৰক্ষী আয়ুক্তই

WhatsApp Image 2023 02 21 at 12.09.25

Guwahati Double Murder Case :

মহানগৰীৰ শংকৰী দে (৬২) আৰু অমৰজ্যোতি দে (৩৪)ৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা (৩২)ক বুধবাৰে পুনৰ ছদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

নুনমাটি আৰক্ষীয়ে ৪৮০/২০২২ নম্বৰ গোচৰত যোৱা ১৮ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰাৰ পাছত চাৰিদিনৰ জিম্মাত গ্ৰহণ কৰিছিল।

বুধবাৰে জিম্মা শেষ হোৱাত বন্দনাক আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁক পুনৰ ছদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

সমান্তৰালভাৱে এই হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধনটি ডেকা (৩২) আৰু অৰূপ ডেকা (২৭) ইতিমধ্যে সাতদিনৰ আৰক্ষী জিম্মাত আছে।

উল্লেখ্য যে শাহু শংকৰী দে আৰু স্বামী অমৰজ্যোতিক বন্দনাই কি কাৰণত হত্যা কৰিছিল এতিয়াও স্পষ্ট হোৱা নাই যদিও স্বামীৰ আতিশয্য আৰু সম্পত্তিৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অৱকাশ আছে বুলি ইতিমধ্যে আৰক্ষীয়ে সদৰী কৰিছে।

তাৰ মাজতে বুধবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই তিনি অভিযুক্তই তদন্তত আৰক্ষীক সহযোগিতা কৰা বুলি সদৰী কৰি কয় যে মেঘালয়ত আৰক্ষীয়ে চলোৱা অভিযানত অমৰজ্যোতিৰ শৰীৰৰ কিছু অংশ উদ্ধাৰ কৰা হৈছে।

দুয়োটা মৃতদেহৰ বহু অংগ এতিয়াও উদ্ধাৰ হ’বলৈ বাকী আছে বুলি তেওঁ উল্লেখ কৰি হত্যাকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি কয়।

উল্লেখ্য যে ২০২২ৰ ২৬ জুলাইত চান্দমাৰিৰ যোগমায়া এপার্টমেণ্টৰ স্বত্বাধিকাৰী তথা শাহু শংকৰী দেক ধৃত দুই সহযোগীসহ বন্দনাই নৃশংসভাৱে হত্যা কৰি মৃতদেহটো তিনিটা খণ্ডত বিভক্ত কৰি ২৭ জুলাইত মেঘালয়ৰ চেৰাপুঞ্জীৰ পথৰ পৰা দ খাৱৈত পেলাই দিছিল।

একেদৰে ১৭ আগষ্টত নাৰেংগীৰ অমৰাৱতী এপার্টমেণ্টৰ গৰাকী তথা স্বামী অমৰজ্যোতি দেক উল্লিখিত দুই অভিযুক্তক লগত লৈ বন্দনাই নৃশংসভাৱে হত্যা কৰি মৃতদেহটো পাঁচটা খণ্ডত বিভক্ত কৰি মেঘালয়ৰ ডাউকী পথৰ পৰা দ খাৱৈলৈ পেলাই দিছিল।

ইয়াৰ পাছতে ধৃত বন্দনাই স্বামী আৰু শাহু নিৰুদ্দেশ হোৱা বুলি এক নাটক ৰচনা কৰি ২৯ আগষ্টত নুনমাটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল৷ সমান্তৰালভাৱে শংকৰী দেৰ জ্যেষ্ঠ ভ্রাতৃ পুত্ৰ তথা ভতিজা নির্মাল্য দেয়ে পেহীয়েক অপহৰণ হোৱা বুলি ২১ নৱেম্বৰত নুনমাটি থানাত অভিযোগ দাখিল কৰিছিল।

এই দুয়োটা গোচৰত আৰক্ষীয়ে কোনো ক্লু লাভ নকৰাৰ ফলত বিষয়টো পৰি ৰৈছিল যদিও যোৱা ১৪ ফেব্ৰুৱাৰীত শাহু-স্বামীৰ সন্ধান বিচাৰি বন্দনাই আৰক্ষী আয়ুক্ত আৰু পেহীয়েকৰ সন্ধান বিচাৰি নিৰ্মাল্যই চি আই ডিৰ কাষ চাপে।

এই দুয়োটা বিষয়ক গুৰুত্বসহকাৰে লৈ আৰক্ষী আয়ুক্ত বৰাই বিষয়টো তদন্ত আৰম্ভ কৰাৰ পাছতে এই দেশ জোঁকাৰি যোৱা ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে শংকৰী দেৰ লগতে অমৰজ্যোতিৰ দেহৰ কিছু অংগ মেঘালয়ৰ দ খাৱৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সম্প্ৰতি ফৰেনচিকে ইয়াৰ অনুসন্ধান অব্যাহত ৰাখিছে।

ইফালে, এই ঘটনাৰ উৎস বিচাৰি বুধবাৰে নাৰেংগীৰ অমৰাৱতী এপার্টমেণ্ট ফৰেনচিকৰ এটা দল উপস্থিত হৈ সমগ্ৰ অট্টালিকাটো তন্নতন্নকৈ পৰীক্ষা কৰে উক্ত স্থানৰ পৰা দলটোৱে কিছু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়
উল্লেখ্য যে ফৰেনচিকৰ দলটোৰ অভিযানৰ সময়ত এপার্টমেণ্টটোৰ এজনো ভাড়াতীয়া উপস্থিত নাছিল।

দলটোৱে সোধপোছ কৰাত যোৱা পাঁচদিন ধৰি ভাড়াতীয়াজন কোঠালৈ অহা নাই বুলি তথ্য লাভ কৰে। যদিওঁ আজি ডাউন টাউন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ভাড়াতীয়া ছাত্ৰজনৰ সন্ধান লাভ কৰে আৰক্ষীয়ে ।

আনহাতে, বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ চৌহদত উদ্ধাৰ হোৱা অমৰজ্যোতি দেৰ শৰীৰৰ অংগৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়।

উল্লেখ্য যে এই হত্যাকাণ্ডৰ তদন্ত যিমানে আগবাঢ়ি গৈছে সিমানে ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে ধৃত তিনি অভিযুক্তক লৈ শংকৰী দে আৰু অমৰজ্যোতি দেৰ উদ্ধাৰ নোহোৱা শৰীৰৰ অংগ বিচাৰি পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে।

ৰাইজৰ ৰোষত বন্দনা কলিতাৰ মাতৃ

স্বামী-শাহুক হত্যা কৰি আৰক্ষীৰ জিম্মাত থকা বন্দনা কলিতাৰ মাতৃ সম্প্রতি ৰাইজৰ ৰোষত পৰিছে। উল্লেখ্য যে বন্দনাৰ মাতৃ অহল্যা ডেকা কলিতা পানীখাইতি বেঙেনাবাৰীস্থিত ২৮ নম্বৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী হিচাপে নিয়োজিত।

কন্যাৰ এই ঘটনা পোহৰলৈ অহাৰ পাছতো কৰ্তব্যস্থলীলৈ অহা-যোৱা কৰি আছিল যদিও মঙলবাৰৰ পৰা কৰ্তব্যত উপস্থিত নাই।

ফলত বুধবাৰে এমাহৰ মূৰত কেন্দ্ৰটোত আয়োজিত শিশু চিকিৎসা শিবিৰত অহল্যা উপস্থিত নোহোৱাৰ পাছতে অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। সমান্তৰালভাৱে বন্দনাৰ মাতৃক শীঘ্ৰে কৰ্তব্যৰ পৰা অব্যাহতি দিবলৈও অঞ্চলবাসীয়ে আহ্বান জনাইছে।

Exit mobile version