Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 17

Horoscope:ৰাশিফল

মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব। বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিত্তায়ো সহায় কৰিব। ব্যৱসায়ত মধ্যম। পঢ়া-শুনাত বেয়া নহ’ব। সন্তানৰ শুভ। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃষ : কর্মক্ষেত্ৰত বেয়া নহ’ব। কিন্তু শাৰীৰিক দিশত সতৰ্ক হৈ চলাটো বাঞ্ছনীয়। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। প্ৰেমত অস্থিৰতা থাকিব। চুটি ভ্রমণ হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ২।

মিথুন : আজি প্রায় দিশে কিছু হ’লেও ফৰকাল। বিদ্যাতো তেনে বাধা দেখা নাযায়। কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব। দাম্পত্যত মধ্যম। ব্যৱসায়ত শুভ।

কর্কট : শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নোৱাৰি। একাধিক কথাত মন বিক্ষিপ্ত থাকিব। গুরুত্বপূর্ণ কামত প্ৰগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৩।

সিংহ : আজিৰ দিনটো প্ৰায় ফৰকাল। শৰীৰো বেয়া নাযাব। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। মনৰ মানুহৰ সান্নিধ্য লাভ। দাম্পত্যতো বেয়া নহ’ব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪।

কন্যা : মনটো বেয়া নাযাব। ঘৰুৱা পৰিৱেশো অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। আর্থিকত বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।

তুলা : কর্মক্ষেত্ৰত বাধা কম পাব। ঘৰুৱা খেলি-মেলিৰ পৰা কিছু উন্নতি। ভ্ৰমণত জটিলতা নাই। দাম্পত্যতো শুভ। বিদ্যাত মধ্যম ফল পাব। প্ৰেমত হতাশা। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

বৃশ্চিত : ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। দাম্পত্যত তেনে আভাস আছে। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

ধনু : আপোনাৰ স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা থাকিব। ব্যৱসায়ত মধ্যম। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

মকৰ : কৰ্মতৎপৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব। ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্রমণত কষ্ট। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক। শুভ ৰং কমলা, শুভ সংখ্যা ১।

কুম্ভ : কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব । শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং বগা। শুভ সংখ্যা ৪।

মীন : কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সন্মুখীন হলেও দুশ্চিন্তা নকৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ৯।

Exit mobile version