Horoscope:ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 18

Horoscope:ৰাশিফল

মেষ : এই ৰাশিৰ জাতক-জাতিকাই ঘুৰা-ফুৰা কৰাৰ ক্ষেত্ৰত সাৱধান থাকিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে ভাল, প্রেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

বৃষ : আজি যাত্ৰা নকৰাই ভাল। সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব। শিৱৰ আৰাধনা কৰিব আজি। প্ৰেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ২।

মিথুন : ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল-তেলৰ প্ৰদীপ জুলাই শনিৰ আৰাধনা কৰিব। ব্যৱসায়ত ভাল, বিদ্যাৰ্থীৰ বৰ ভাল দেখা নাযায়। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কর্কট : আজি মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ। প্ৰেমত শুভ। বিদ্যার্থীসকলে যত্ন কৰা উচিত। ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

সিংহ : বিদ্যাৰ্থীৰ কাৰণে শুভ। সামাজিক কামত ব্যস্ততা দেখা যায় ৷ চাকৰিৰ ক্ষেত্ৰত অশান্তি। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭। |

কন্যা : খৰচ বৃদ্ধি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। বিদ্যাৰ্থীৰ কাৰণে শুভ। দিনটো মনোকষ্টত ভুগিব লাগিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।

তুলা : বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শুভ কৰ্ম কৰিলে ভাল ফল পাব । প্ৰেম-প্ৰণয়ত উন্নত। ভ্ৰমণত শুভ। শুভ ৰং সোণালী, শুভ সংখ্যা ৬।

বৃশ্চিক :সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। দিনটো শুভ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮।

ধনু : অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায়। বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব। বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মকৰ : নীলা কাপোৰ পৰিধান কৰি ওঁ ঐ খ্ৰীং শ্রীং শীনেশ্বৰায় নমঃ এই মন্ত্র আঠবাৰ জপ কৰিব, ঘৰত অতিথিৰ আগমন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।

কুম্ভ : প্ৰেমত ভাল। দূৰ ভ্ৰমণ। যানবানৰ পৰা সাৱধান থাকিব। নতুন কমৰ্ত্তত হাত দিব পাৰিব। দিনটো শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

মীন : নিৰামিষ ব্রত পালন কৰিব। বিদ্যাৰ্থীৰ ভাল, প্ৰেমত আৰু দাম্পত্য ভালেই দেখা যায়। পিতৃৰ অসুষত চিন্তা। শুভ ৰং বগা, শুভ সংখ্যা ২।

Exit mobile version