Bangladeshi Youth Alamgir : ৰূপহীহাটৰ যুৱকৰ প্ৰৱঞ্চনাত সৰ্বস্বান্ত বাংলাদেশৰ যুৱক আলমগীৰ

ৰূপহীহাট থানাত দাখিল এজাহাৰ

5083e01d 9760 4f2d 9323 59c69f0cbe47 1

Bangladeshi Youth Alamgir :

অসমৰ ৰূপহীহাটৰ যুৱকৰ প্ৰতাৰণাত সৰ্বস্বান্ত হ’ল বাংলাদেশী যুৱক ৷ ফেচবুকৰ মাধ্যমৰে ৰূপহীহাটৰ যুৱক এজনৰ স’তে চিনাকী হৈ পৰৱৰ্তী সময়ত অসমলৈ আহি সৰ্বস্বান্ত হোৱা চাঞ্চল্যকৰ ঘটনা এটি পোহৰলৈ আহিছে ৷

স্বয়ং বাংলাদেশী যুৱকজনে প্ৰতাৰণা হোৱাৰ সৱিশেষ সদৰি কৰিছে ৷ আনকি ন্যায় বিছাৰি দ্বাৰস্থ হৈছে মুখ্যমন্ত্ৰী ,ডিজিপি আৰু গুৱহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি, বাংলাদেশৰ আলমগীৰ হুচেইনৰ স’তে ৰূপহীহাটৰ শপতকাঢ়াৰ আজমল হুছেইন নামৰ যুৱকজনৰ চিনাকি হৈছিল ফেচবুকৰ মাধ্যমৰে ৷এই চিনাকি সূত্ৰে দুয়োৰে মাজত অগাধ বন্ধুত্ব গঢ় লৈ উঠে ৷

পাছত আলমগিৰক অসমলৈ মাতি আনে আজমল ওৰফে বাবলুৱে ৷ অসমলৈ আহি ৰূপহীহাটৰ আজমলৰ ঘৰত উপস্থিত হোৱাৰ পাছতে আলমগীৰক এটা কোঠাত ১৫ দিন ধৰি আবদ্ধ কৰি মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলায় ৷আনকি আলমগীৰৰ পৰা মোটা অংকৰ ধন দাবী কৰে৷ধন আদায় নিদিলে হত্যা কৰাৰ ভাবুকি পৰ্যন্ত দিয়ে ৷

পাছত আলমগীৰৰ পৰিয়ালৰ লোকে প্ৰাণৰ মমতাত উপায়ন্তৰ হৈ বাংলাদেশী কাৰেন্সি চাৰিলাখ দহ হেজাৰ আৰু ভাৰতীয় মূল্যত তিনিলাখ টকা দিয়েপিছে আজমলৰ প্ৰতাৰণাৰ বলি হৈ সৰ্বস্বান্ত হৈ পৰে বাংলাদেশৰ যুৱকজন। আজমলে নিজৰ পৰিয়ালৰ সদস্য বুলি আৱেগিক কৰি অসমলৈ মাতি অনা আলমগীৰক ১৪ দিন বন্ধ কোঠাৰ ভিতৰত আবদ্ধ কৰি নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বাংলাদেশী যুৱকৰ পৰা আজমলে মোটা অংকৰ ধন বিচাৰিছিল। ধন আদায় নিদিলে হত্যা কৰা হ’ব বুলিও ভাবুকি দিছিল আলমগীৰক। উপায়ন্তৰ হৈ বাংলাদেশৰ আলমগীৰৰ পৰিয়ালে লোকে পঠাইছিল ‍বাংলাদেশৰ চাৰি লাখ দহ হেজাৰ টকা যাৰ ভাৰতীয় মূল্য তিনিলাখ টকা। এই টকা দিহে আলমগীৰ মুকলি হয় আজমল ওৰফে বাবলুৰ জিন্মাৰ পৰা ৷

ইতিমধ্যে ভাৰতীয় বন্ধুৰ দ্বাৰা সৰ্বস্বান্ত হোৱা আলমগীৰে এতিয়া ন্যায় বিচাৰি অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,আৰক্ষী সঞ্চালক প্ৰধান ,গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্ৰ ৷আনহাতে এই সন্দৰ্ভত আলমগীৰে এজাহাৰ দাখিল কৰিছে ৰূপহীহাট থানাত ৷ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷শেহতীয়াকৈ আৰক্ষীৰ জালত পৰাৰ ভয়ত পলাতক অৱস্থাত আছে প্ৰৱঞ্চক আজমল হুছেইন ওৰফে বাবলু ৷

Exit mobile version