Brown Sugar Seized In Bokajan :কাৰ্বি আংলংৰ ডিলাই আৰু বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

আটক তিনি সৰবৰাহকাৰী

Brown Sugar Seized In Bokajan :

আজি কাৰ্বি আংলংৰ ডিলাই আৰু বোকাজান আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ আটক হয় তিনি সৰবৰাহকাৰী

ADVERTISEMENT

আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডিলাই আৰক্ষী আৰু বোকাজানস্থ চিআৰপিএফ বাহিনীয়ে লাহৰীজানৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ডিমাপুৰৰ পৰা অহা এ এছ ১৫ এছ ৪৩০৬ নম্বৰৰ এখন এল্ট’ গাড়ীৰ পৰা ৯ টা চাবোনৰ বাকছত ভৰাই অনা ১০৫ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে সৰবৰাহকাৰী বাক্সাৰ জোনাব আলি আৰু বৰপেটাৰ নুৰ ইছলামক আটক কৰে ৷

আনহাতে বিয়লি আন এক খবৰৰ ভিত্তিত বোকাজানৰ ২০ নং চি আৰ পি এফ শিবিৰৰ ওচৰত বোকাজান আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এজন লোকৰ পৰা পাঁচ কেজি ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷

এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰৰ সৈতে আৰক্ষীয়ে বিহাৰৰ সুনীল কুমাৰ নামৰ এজন সৰবৰাহকাৰীক আটক কৰে ৷

Exit mobile version