Garakhia Than Dol Mahotsav :নগাঁৱৰ জামুগুৰিৰ ৩৫৫ বছৰীয়া গৰখীয়া থানত দৌল উৎসৱৰ প্ৰস্তুতি

WhatsApp Image 2023 02 27 at 17.38.29

Garakhia Than Dol Mahotsav :

নগাঁও জিলাৰ জামুগুৰিৰ ৩৫৫ বছৰীয়া ঐতিহ্যমণ্ডিত গৰখীয়া গোঁসাই থানত এইবাৰ ৩০ সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হ’ব দৌল উৎসৱ । আগন্তুক ৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই দৌল উৎসৱৰ অনুষ্ঠানৰ আজি কাৰ্যসূচী উন্মোচন কৰা হয় ।

থান প্ৰাংগনত দিনৰ ১১ বজাত এই কাৰ্যসূচী উন্মোচন কৰে প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথে । ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত উদযাপন কৰি অহা এই দৌল উৎসৱৰ এইবাৰৰ কাৰ্যসূচীৰ অংশৰূপে ৬ মাৰ্চত গছপুলি ৰোপন, ধৰ্মধ্বজা উত্তোলন,কীৰ্ত্তন পাঠ,নাম-প্ৰসংগ,শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতা আৰু মঙ্গল ধ্বনি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব ।

৭ মাৰ্চত মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন,অঞ্চলৰ ২৯ টাকৈ নামঘৰৰ পৰা ধৰ্ম ধ্বজা আৰু পানীৰ কলচি লৈ উৎসৱস্থলীলৈ যাত্ৰা,দিহানাম,বঁটা প্ৰদানৰ অনুষ্ঠান আৰু “মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন” শীৰ্ষক ভাওনা অনুষ্ঠিত হ’ব ।

তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৮ মাৰ্চত হোলী খেলা আৰু শোভাযাত্ৰা,জনজাতীয় লোকবাদ্য দলৰ সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব । ইপিনে দৌল উৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ৯ মাৰ্চত ময়ূৰ পঙ্খী ৰথত দৌল গোবিন্দ গোঁসাই ভ্ৰমণ,কীৰ্ত্তন পাঠ,দিহানাম আদি অনুষ্ঠিত হ’ব ।

আজি থান প্ৰাংগণত এক সংবাদমেল সম্বোধন কৰি দৌল উৎসৱৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে উদ্যোক্তাসকলে । এই চাৰিদিনীয়া দৌল উৎসৱৰ কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে শুকুৰাম বৰুৱাক সভাপতি আৰু অনিল চন্দ্ৰ নাথক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি আৰু ছখনকৈ উপ সমিতিও গঠন কৰা হৈছে ।

উল্লেখ্য যে,শতিকা প্ৰাচীন এই থানখনি দৰ্শন কৰিবলৈ অসমৰ ভিন্ন প্ৰান্তৰ ভক্ত-দৰ্শনাৰ্থী আহে । আজিৰ পৰা ৩৫০ বছৰৰো আগতে গৰু চৰাই থাকোতে কেইজনমান গৰখীয়া ল’ৰাই হেৰাই পাইছিল এটি পিতলৰ বংশী গোপালৰ মূৰ্ত্তি ।

মূৰ্ত্তি হেৰাই পোৱা স্থানতেই প্ৰতিষ্ঠা কৰা হৈছিল এই থান খনি । সেয়ে থান খনি গৰখীয়া থান নামেৰে জনাজাত হয় । মহিমামণ্ডিত এই থানখনিত নিঃসন্তান লোকে শৰাই আগবঢ়ালে মনৰ অভীপ্সা পূৰণ হয় বুলি এক জনবিশ্বাসে গা কৰি উঠিছে ।

ইয়াৰোপৰি স্বকীয় মহিমাৰে উজ্বলি উঠা এই থানখনিত বিভিন্ন লোকে মনোকামনা পূৰণৰ বাবে সেৱা আগবঢ়াই ফল লাভ কৰিছে বুলিও সৰ্বজনবিদিত

ঐতিহ্যমণ্ডিত এই থানখনিৰ দৌল উৎসৱৰ চাৰিওদিনৰ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথ আৰু সম্পাদক পোৱাল চন্দ্ৰ নাথে ।

Exit mobile version