Robot : ২০৩০ বৰ্ষলৈকে ৰ’বটে সম্পন্ন কৰিব ৪০ শতাংশ ঘৰুৱা কাম – কাজ

105786247 1552311939465gettyimages 920743046

Robot :

প্ৰযুক্তিৰ আজিৰ বিশ্বত কৃত্রিম বুদ্ধিমত্তাই মানৱ সমাজক দ্ৰুত পৰিৱৰ্তনৰ দিশলৈ অগ্ৰসৰ কৰিছে। আগন্তুক এক দশকৰ ভিতৰতে এই বিশ্বত ইমান ব্যাপক পৰিৱৰ্তনৰ আগমন হ’ব যে মানুহৰ ই কল্পনাৰ অতীত হ’ব।

ব্ৰিটেইন আৰু জাপানৰ ৬৫ এআই বিশেষজ্ঞই দাবী কৰা অনুসৰি চলিত দশকৰ অন্তিম ভাগত ব্যৱসায়িক প্রতিষ্ঠান বিশেষকৈ দোকান আদিত মানুহৰ অৰ্থাৎ মানৱ কৰ্মীৰ কোনো প্রয়োজন নাথাকিব।

২০৩০ বর্ষলৈকে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ৰ’বটে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি মানুহৰ বাসগৃহ সকলো কাম-কাজৰ দায়িত্ব চম্ভালি ল’ব পাৰিব বুলি ব্ৰিটেইন আৰু আমেৰিকাৰ গৱেষকে এক প্রতিবেদনত দাবী কৰিছে।

বিশেষজ্ঞৰ দলটোৱে কয় যে ঘৰ পৰিস্কাৰ কৰা, বাচন ধোৱা, খাদ্য তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰুৱা ৩৯ শতাংশ কাম-কাজ চলিত শতিকাৰ অন্তিম ভাগলৈকে কৃত্রিম বুদ্ধিমত্তাধাৰী ৰ’ৱটে সম্পন্ন কৰিব।

অৱশ্যে কৃত্রিম বুদ্ধিমত্তাধাৰী ৰ’ৱৰ্টৰ মূল্য হ্রাস পোৱাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। বিশ্বৰ বহু দেশত সম্প্ৰতি ৰেস্তোৰাঁ আদিত খাদ্য তৈয়াৰৰ পৰা পৰিবেশনলৈকে নানা দায়িত্বত ইতিমধ্যে ৰ’ৱৰ্টক নিয়োগ কৰা হৈছে।

বহু ছুপাৰ মাৰ্কেটতো সম্প্ৰতি ৰ’ৱটে মানৱকৰ্মীৰ স্থান লৈছে। জাপান আৰু ব্ৰিটেইনৰ কৃত্রিম বুদ্ধিমত্তা বিশেষজ্ঞৰ মতে, চলিত দশকৰ অন্তিম ভাগলৈকে বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ দেশত মানৱ কৰ্মীৰ সংখ্যা বিভিন্ন কর্মক্ষেত্ৰত হ্ৰাস পাব আৰু ইয়াৰ স্থান ল’ব কৃত্রিম বুদ্ধিমত্তাধাৰী ৰ’ৱটে।

Exit mobile version