Brown Sugar Seized In Howly : বৰপেটাৰ হাউলীত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

এঘাৰটা চাবোনৰ কেছ ব্ৰাউন ছুগাৰ সহ দুই ড্ৰাগছ পেডলাৰক আটক

WhatsApp Image 2023 02 28 at 14.20.07 1

Brown Sugar Seized In Howly :

বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ বিশেষ খবৰৰ ভিত্তিত হাউলী চহৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ ৷ লগতে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ পেডলাৰক

হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত যোৱা আৰক্ষী দলে জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ আধা কিলোগ্ৰাম ৷

ড্ৰাগছ খিনি শিলিগুৰিৰ পৰা এঘাৰটা চাবোনৰ কেছত ভৰাই সৰবৰাহ কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ধৃত পেডলাৰ কামালউদ্দিন আৰু চুমেজ আলীয়ে ৷

ইতিমধ্যে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version