Guwahati Silsako Beel Eviction Update :মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত জি এম ডি এৰ উচ্ছেদ অভিযান আজি দ্বিতীয় দিনাও অব্যাহত

WhatsApp Image 2023 02 28 at 13.25.29 1

Guwahati Silsako Beel Eviction Update :

মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত জি এম ডি এৰ উচ্ছেদ অভিযান আজি দ্বিতীয় দিনাও অব্যাহত থাকে । সোমবাৰে বৃহৎ বৃহৎ আৰ চি চি, পকীঘৰ সহ কেঁচা ঘৰ উচ্ছেদ কৰাৰ পাছত আজিও পুৱাৰে পৰা তৰ্জা ঘৰৰ পৰা আৰম্ভ কৰি ব্লিডিংলৈকে পৰিল প্ৰশাসনৰ বুলড’জাৰ ৷ আনকি সাৰি নগ’ল শিক্ষা বিষয়া লক্ষীনন্দন নাথৰ সুবিশাল অট্টালিকা ৷

আজি দিনটোত ১৮২ টা অবৈধ বাসগৃহ উচ্ছেদ কৰিব প্ৰসাশনে ৷ উল্লেখ্য যে ,প্ৰায় ১৬৫০ বিঘা উচ্ছেদমুক্ত কৰাৰ লক্ষ্যস্থিৰ কৰিছে প্ৰশাসনে ৷ প্ৰাপ্ত খবৰ অনুসৰি শিলসাঁকো বিলত বেদখল হৈ আছে প্ৰায় ২০৫০ বিঘা ভূমি ৷

বেদখলমুক্ত হোৱা ভূমিত চৰকাৰে নিৰ্মাণ কৰিব জি এম ডি এ’ৰ বৃহৎ প্ৰকল্প ৷ উচ্ছেদ অভিযান সোমবাৰৰ পৰা বুধবাৰলৈকে তিনিদিনৰ বাবে অব্যাহত থকাৰ দিন নিৰ্ধাৰিত কৰা হৈছিল যদিও আজি প্ৰশাসনে অনিদিষ্ট কাললৈ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে ৷

Exit mobile version