Nagaon Accident:নগাৱঁৰ চকৰিগাঁৱত শোকাৱহ ঘটনা !

ৰে'ল পথত আবদ্ধ গৰু পোৱালিক বচাবলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু বৃদ্ধৰ

WhatsApp Image 2023 02 28 at 12.50.36

Nagaon Accident:

নগাঁও চহৰৰ পাশ্বৰ্ৱতী চকৰিগাঁৱত পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ৰে’লৰ খুন্দাত নিহত হয় এজন বৃদ্ধ ৷ ৰে’ল পথত আবদ্ধ হৈ থকা গৰু পোৱালীক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধ গৰাকীয়ে ৷ মৃত বৃদ্ধ গৰাকীক গোপী ৰাম বৰা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

প্ৰাপ্ত খৱৰ অনুসৰি মঙলবাৰে পুৱা বৃদ্ধ লোকজনে পথাৰত এৰাল দিবলৈ গৈছিল গৰু ৷ গৰু এৰাল দি উভতি অহাৰ সময়তে প্ৰত্যক্ষ কৰে গৰু পোৱালি এটা ৰে’ল আলিত আবদ্ধ হৈ আছে ৷

গৰু পোৱালীটো উদ্ধাৰ কৰিবলৈ ৰে’ল পথত উঠোতেই সেই সময়তে দ্ৰুতগতিত অহা কাজিৰঙা এক্সপ্ৰেছ ৰে’ল খনে খুন্দা মাৰে বৃদ্ধ গৰাকীক ৷ ফলত চিটিকি পৰি থিতাতে নিহত হয় দুৰ্ভগীয়া লোকজনৰ ৷

নিহত লোকজন চকৰিগাঁৱৰে গোপী ৰাম বৰা বুলি চিনাক্ত কৰি আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ।

Exit mobile version