Political Crisis Deepens In Nepal: নেপালত ৰাজনৈতিক সংকট ঘনীভূত !

কাটাৰ যাত্ৰা বাতিল প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ

WhatsApp Image 2023 02 28 at 17.26.02

Political Crisis Deepens In Nepal :

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দহল ওৰফে প্ৰচণ্ডই প্ৰস্তাৱিত কাটাৰ যাত্ৰা গুৰুত্বপূৰ্ণ ৰাজনৈতিক কাৰণত স্থগিত ঘোষণা কৰিলে।

নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আজি এই কথা সদৰী কৰিলে । সহযোগী দলৰ সমৰ্থন প্রত্যাহাৰৰ পাছত প্ৰচণ্ড চৰকাৰ সম্প্ৰতি ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে।

প্ৰচণ্ডই সর্বনিম্ন বিকশিত দেশৰ পঞ্চম সম্মিলনত অংশ ল’বলৈ অহা তিনি মাৰ্চত কাটাৰলৈ যোৱাৰ কথা আছিল ।

কিন্তু নেপালৰ উপ -প্রধানমন্ত্রী কে পি শৰ্মা অলিৰ দলে চৰকাৰলৈ আগবঢ়োৱা সমর্থন প্রত্যাহাৰ কৰাত ৰাজনৈতিক সংকট ঘনীভূত হোৱাত প্ৰধানমন্ত্ৰী প্রচণ্ডই এই ভ্ৰমণ বাতিল কৰে।

Exit mobile version