Dacoit Arrested With Weapons In Rupahi: ৰূপহীহাটত দুটাকৈ গ্ৰেণেড আৰু পিষ্টল সহ আটক এজনক

WhatsApp Image 2023 03 01 at 12.32.10

Dacoit Arrested With Weapons In Rupahi:

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাছখাইটীৰ পৰা দুটাকৈ গ্ৰেণেড আৰু এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নগাঁও আৰক্ষীয়ে যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ কাছখাইটিত চলাই এক অভিযান ৷ আৰক্ষীৰ অভিযানত উদ্ধাৰ দুটাকৈ গ্ৰেণেড,মেগজিন,এটা ৭·৬৫ পিষ্টল,দুইজাই সক্ৰিয় গুলি আৰু এটা খুকুৰি উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে আজিজুৰ ৰহমানক ৷

আজিজুৰ ৰহমান দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধৰ লগত জড়িত থকাৰ অভিযোগ আছে ৷ ধৃত আজিজুৰ ৰহমানক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version