Delhi Fire : দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড !

চকুৰ সন্মুখতে হুৰা হুৰে ভাঙি পৰিল বৃহৎ অট্টালিকা

download 1

Delhi Fire :

দিল্লীৰ এটা অট্টালিকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড তাৰ ফলত হুৰা হুৰে  ভাঙি পৰিছে অট্টালিকাটো । বৰ্তমান এই ভয়ংকৰ দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

ADVERTISEMENT

তথ্য অনুসৰি, বুধবাৰে দিল্লীৰ ৰোচনাৰা ৰোডৰ এটা চাৰিমহলীয়া বাসগৃহত অগ্নিকাণ্ডটো সংঘটিত হয় । অট্টালিকাটোৰ পৰা ধোৱা ওলোৱা প্ৰত্যক্ষ কৰি স্হানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰে । পুৱা প্ৰায় ১১:৫০ বজাত অগ্নিকাণ্ডটো সংঘটিত হয় ।

প্ৰাপ্ত তথ্য অনুসৰি , অট্টালিকাটোত এটা লজিষ্টিয়ে কোম্পানীৰ কাম কৰিছিল । যি সময়ত জুই লাগে অট্টালিকাটোত কোনো নাছিল।

স্থানীয় লোকে প্ৰথমে ক’লা ধোঁৱা দেখে তাৰ পাছতে হঠাৎ অট্টালিকাটোৰ পৰা লাহে লাহে জুইৰ পোহৰ ওলাই আহিবলৈ আৰম্ভ কৰে।

লাহে লাহে গোটেই ঘৰটো জুইয়ে আগুৰি ধৰে । ১৮ টা অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ কাম আৰম্ভ কৰে ।

অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাৰ কাম চলোৱাৰ সময়তে হুৰা হুৰে  ভাঙি পৰে অট্টালিকা । খৰখেদাকৈ খহি পৰিছিল। মাত্ৰ পাঁচ ছেকেণ্ডৰ ভিতৰতে অট্টালিকাটো মাটিত মিহলি হৈ যায় ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অট্টালিকাটোত জুই লগাৰ পাছত চাৰিওফালৰ অঞ্চলটো খালি কৰা হয় । ফলস্বৰূপে, অট্টালিকাটো খহি পৰে ।

বৰ্তমানৰলৈকে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে কেনেকৈ জুই লাগিছিল বা জুইৰ উৎস কি আছিল সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Exit mobile version