Eviction In Silsako Beel Update: বৰবাৰীৰ শিলসাঁকো বিলত আজি তৃতীয় দিনৰ বাবে অব্যাহত উচ্ছেদ অভিযান

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ উচ্ছেদ চলিবই

Eviction In Silsako Beel Update:

মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত আজি তৃতীয় দিনৰ বাবে অব্যাহত আছে উচ্ছেদ অভিযান ৷ এফালৰ পৰা ভাঙি গৈছে ইটোৰ পাছত সিটো বাসগৃহ ৷

বৃহৎ বৃহৎ অট্টালিকা ,পকী ঘৰ আৰু কেঁচা ঘৰত প্ৰশাসনৰ বুলড’জাৰৰ হাতোৰা পৰিছে ৷ ইতিমধ্যে আজি মেগজিন – সাতগাঁও সংযোগী অঞ্চলত আজি উচ্ছেদ চলিছে ৷

উচ্ছেদ অব্যাহত থকাৰ মাজতে তাত থকা বহু হাই প্ৰফাইল লোকৰ ঘৰত এতিয়াও প্ৰশাসনৰ চকু নপৰাৰ অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশ শিলসাঁকোত উচ্ছেদ চলিবই ৷

উল্লিখিত ভূমিত থকা হাইপ্ৰফাইল লোকৰ মাটিটো উচ্ছেদ চলোৱাৰ কঠোৰ স্থিতি প্ৰকাশ কৰিছে ৷ আনকি মুখ্যমন্ত্ৰী গৰাকীয়ে জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান আৰু কোচ- ৰাজবংশী সন্মিলনীৰ কাৰ্যালয় আদি তাৎক্ষণিকভাৱে স্থানান্তৰৰ বাবে পদক্ষেপ ল’বলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে , গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে আজি জিএম ডিএ অধ্যক্ষ নাৰায়ণ ডেকা আৰু কামৰূপমেট্ৰ’ উপায়ুক্তক লগত লৈ হেলিকপ্টাৰৰেৰে ‘মিছন ফ্লাড ফ্ৰী’ৰ কাম-কাজ পৰিদৰ্শন কৰে।

হেলিকপ্টাৰৰে দীপৰবিল, ভৰলু, মৰা ভৰলু, বশিষ্ঠ, বাহিনী নদীৰ এৰিয়েল ছাৰ্ভে নগৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ।আনহাতে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ মন্তব্য ‘শিলসাঁকোত উচ্ছেদ কৰা সকলোবোৰ বেদখল’। ‘শিলসাঁকোত উচ্ছেদ হ’ব আজমলৰো ঘৰ’।

Exit mobile version