LPG Cylinder Price Hike : পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ!

আকৌ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য,মহানগৰীত আজিৰে পৰা প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ ২৩৬০ টকা

WhatsApp Image 2023 03 01 at 12.11.47

LPG Cylinder Price Hike :

পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘৰুৱা চিলিণ্ডাৰৰ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰে ৷
১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰাৰ বিপৰীতে ব্যৱসায়িক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰে ৩৫০ টকাকৈ ৷

ADVERTISEMENT

মহানগৰীত আজিৰে পৰা প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১১৫২ টকা হোৱাৰ বিপৰীতে ব্যৱসায়িক চিলিণ্ডাৰৰ প্ৰতিটোৰ দাম হ’ব ২৩৬০ টকা।

আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী চহৰ নতুন দিল্লীত প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ২১১৯.৫০ টকা।

উল্লেখ্য যে চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে পুনৰ বৃদ্ধি ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য ৷ জানুৱাৰীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছিল ২৫ টকাকৈ ৷

Exit mobile version