Russia -Ukraine : ঘনিষ্ঠ হাততে প্ৰাণ হেৰুৱাব পুটিনে : দাবী জেলেনস্কিৰ

images 1

Russia -Ukraine :

দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰফালে ঘনিষ্ঠৰ হাততে মৃত্যুৰ সন্মুখীন হৈছিল এড’ল্ফ হিটলাৰ। ‘অপাৰেচন ভালকিৰি’ৰ সেই অধ্যায় আজি ইতিহাস।

কিন্তু হিটলাৰৰ দৰে বিশ্বস্তৰ হাততে প্ৰাণ হেৰুৱাব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লা’ডিমীৰ পুটিনে।

এইদৰে দাবী কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লা’ডিমীৰ জেলেনস্কিয়ে। ‘নিউজ উইক’ৰ এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি সম্প্ৰতি জেলেনস্কিক লৈ ইউক্ৰেইনত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে আৰু এই তথ্যচিত্ৰই শেহতীয়াকৈ মুক্তি লাভ কৰিলে।

‘ইয়াৰ’ নামৰ উক্ত তথ্যচিত্ৰত জেলেনস্কিয়ে দাবী কৰি কয় যে ঘনিষ্ঠৰ হাততে হত্যাৰ বলি হ’ব পুটিন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে পুটিনৰ নেতৃত্ব দুৰ্বল হ’ব আৰু তেওঁ নিজৰ বিশ্বাসযোগ্য লোকৰ হাততে প্রাণ হেৰুৱালে।

তথ্যচিত্ৰত জেলেনস্কিয়ে এনেদৰে ক’লে, ‘এটা সময় আহিব যেতিয়া পুটিনৰ দুৰ্বল শাসনৰ প্ৰভাৱ সমগ্ৰ ৰাছিয়াত পৰিব। ভক্ষকেই এজন ভক্ষকক ভক্ষণ কৰিব।

উক্ত হত্যাকাৰীক (পুটিন) হত্যা কৰাৰ কোনো কাৰণ বিশ্বস্তই উলিয়াই ল’ব। কিন্তু কেতিয়া এই ঘটনা হ’ব সেয়া মই নাজানো।’ উল্লেখ্য যে কিছুদিন পূর্বে ‘দ্য ৱাশ্বিংটন প’ষ্ট’ৰ এক প্রতিবেদনত দাবী কৰা অনুসৰি পুটিনৰ প্ৰতি তেওঁৰ ঘনিষ্ঠসকল অতিষ্ঠ হৈছে।

Exit mobile version