Gautam Adani : ২৪ ঘণ্টাত পুনৰ বিশ্বৰ সৰ্বাধিক ধন উপাৰ্জন আদানীৰ

03adani nationalism 01 qhwk mobileMasterAt3x scaled

Gautam Adani :

আমেৰিকাৰ বিনিয়োগ গৱেষক প্রতিষ্ঠান হিণ্ডেনবার্গ ৰিছাৰ্চৰ বিতর্কিত প্রতিবেদন প্রকাশৰ পাছত গৌতম আদানী মালিকানাধীন আদানী গোষ্ঠীৰ প্ৰতিটো কোম্পানীৰে শ্বেয়াৰ মূল্য ৮০ৰ পৰা ৮৫ শতাংশলৈকে হ্রাস পাইছিল।

ADVERTISEMENT

ইয়াৰ ফলত আদানী গোষ্ঠীৰ মার্কেট কেপ ১৪০ বিলিয়ন ডলাৰলৈকে অৱনমিত হৈছিল। কিন্তু বুধবাৰে হঠাতে পুঁজি বজাৰত পুনৰ ‘নায়ক’ৰ ৰূপত আত্মপ্রকাশ ঘটালে আদানীয়ে।

ফ’বছ ৰিয়েল টাইম বিলিয়নেৰ ইনডেক্স তালিকাত বুধবাৰে আদানীয়ে ৩০ সংখ্যক স্থান দখল কৰিলে। বুধবাৰে আদানী গোষ্ঠীয়ে চাৰি বিলিয়ন ডলাৰৰো অধিক সম্পত্তি আহৰণ কৰিলে।

২৪ ঘণ্টাত আদানীয়ে ৩,৩০,৩২,৩২,০০,০০০ টকা উপাৰ্জনৰে পুনৰ চমক সৃষ্টি কৰিলে। দুদিন পূর্বে ধনাঢ্য ব্যক্তিৰ তালিকাত ৩৯ সংখ্যক স্থানলৈ অৱনমিত হোৱা আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ বুধবাৰে পুনৰ ৩৯.৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি
পালে।

বুধবাৰে আদানী গোষ্ঠীৰ ১০ টা প্রতিষ্ঠানৰে শ্বেয়াৰ মূল্য যথেষ্ট ঊর্ধ্বমুখী হ’ল।

Exit mobile version