Corruption : কলিয়াবৰত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ মণ্ডল প্ৰাঞ্জল বৰা

1677836424170

Corruption :

কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ত আজি উৎকোচ লোৱা অৱস্থাতে হাতেলোত ধৰা পৰিল এগৰাকী লাট মণ্ডল৷ ৰাজহ চক্ৰটোৰ অন্তৰ্গত কুঠৰী লাটৰ লাটমণ্ডল প্ৰাঞ্জল বৰাই এগৰাকী ব্যক্তিৰ পৰা মাটি কিনাবেচা সংক্ৰান্তীয় কামত অনুমতি উলিওৱাৰ নামত দুই হেজাৰ টকা লোৱাৰ অৱস্থাতে দূৰ্নীতি নিবাৰণ শাখাৰ হাতত আটক হৈ ৰঙাঘৰৰ আলহি হয়৷

তথ্য অনুসৰি এগৰাকী ব্যক্তিৰ পৰা তিনিহাজাৰ টকা দাবী কৰি আজি তাৰে দুই হেজাৰ টকা লৈ থকাৰ সময়তে দূৰ্নীতি নিবাৰণ শাখাৰ জালত পৰে কুখ্যাত মণ্ডলগৰাকী৷

উল্লেখ্য যে, কলিয়াবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়টোত একাংশ মণ্ডলে বিভিন্ন কৌশলৰে কাৰ্য্যালয়ৰ ভিতৰে বাহিৰে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনৰ৷

ইফালে এইগৰাকীৰ লগতে আৰু বহুকেইগৰাকী মণ্ডল শিঘ্ৰেই ৰাইজৰ ৰোষত পৰিব বুলি মন্তব্য কৰিছে বহুজনে৷

Exit mobile version