Elon Musk : একেদিনাই ১৫ হেজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ স্থান হেৰুৱালে মাস্কে

Elon Musk :

দীৰ্ঘদিনৰ পাছত পুনৰ বিশ্বৰ ধনাঢ্য ব্যক্তিৰ স্থান দখল কৰিলে এলন মাস্কে (Elon Musk)। কিন্তু ৪৮ ঘণ্টাৰ ভিতৰতে পুনৰ শীৰ্ষস্থান হেৰুৱালে টুইটাৰ (Twitter) বিষয়াগৰাকীয়ে ।

তথ্য অনুসৰি এদিনত প্ৰায় ১৯ কোটি টকা হেৰুৱাইছে মাস্কে । ফলত তেঁও টেছলা ব্লুমবাৰ্গৰ তালিকাত দ্বিতীয় স্থানলৈ নামি আহে । শীৰ্ষ স্থানত আছে লুই ভিটনৰ কৰ্তা বাৰ্ণাৰ্ড আৰ্নাল্ট ।

তথ্য অনুসৰি, বুধবাৰে টেছলা কোম্পানীৰ শ্বেয়াৰ পাঁচ শতাংশ হ্ৰাস পাই । ফলস্বৰূপে, মাস্কে কমেও ২০ কোটি ডলাৰ লোকচান কৰিছে । অৱশ্যে ব্লুমবাৰ্গে দাবী কৰিছে যে মাস্কে ১৯ কোটি ডলাৰ হেৰুৱাইছে।

বৰ্তমান, তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৮ হেজাৰ চাৰি বিলিয়ন ডলাৰ। আনহাতে, লুই ভিটনৰ মুঠ মূল্য হৈছে ১৮হেজাৰ ছয় বিলিয়ন ডলাৰ।

২০২২ চনৰ শেষৰ ফালে টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰা মাস্কৰ শ্বেয়াৰৰ ধৰা হ্ৰাস পাই আহিছে। ডিচেম্বৰত, মাস্কৰ টেছলা  (Tesla)  কোম্পানীৰ শ্বেয়াৰ প্ৰায় ৬৫ শতাংশ হ্ৰাস পায়।

ফলস্বৰূপে, মাস্কে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ স্থান হেৰুৱায়। একাংশ বিনিয়োগকাৰীৰ মতে টেছলাতকৈ টুইটাৰ উন্নত কৰাৰ ওপৰত অধিক গুৰুত্ব দিছে মাস্কে।বিশেষজ্ঞসকলে অনুমান কৰিছে যে এইকাৰণে টেছলাৰ শ্বেয়াৰ নিৰন্তৰ হ্ৰাস হৈ আছে।

Exit mobile version