Horoscope : দিনটোৰ ৰাশিফল

WhatsApp Image 2023 01 13 at 1.58.51 PM 1

Horoscope :

মেষ : কর্মক্ষেত্ৰত জটিলতা উদয় হ’ব পাৰে। কোনো কাৰণে মনটো গধূৰ হ’ব পাৰে। ব্যৱসায়ী সকলৰ ব্যস্ততা বৃদ্ধি পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।

বৃষ : ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই-এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত ৷ প্ৰেমত মিলন। আনন্দ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ২।

মিথুন :কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আৰ্থিকত ভালেই দেখা যায় ৷ আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্রতি নজৰ দিয়ক। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪।

কৰ্কট : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ। আকাশী নীলা শুভ সংখ্যা ৮।

সিংহ : ব্যৱসায়ত লাভৰ কাৰকতা সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজায় থাকিব। ভ্ৰমণত কষ্ট পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

কন্যা : আর্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য। বন্ধুভাব দুর্বল। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯।

তুলা : উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাৱ ভাল বুলি ক’ব পাৰি। হেৰোৱা সম্পদ পুন প্রাপ্তি অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰং বগা, শুভ সংখ্যা ৭।

বৃশ্চিক : পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাতসাফল্য। প্ৰেমত আৱেগ। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩।

ধনু : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু প্ৰয়োজনীয় ধনাগম। গৱেষকসকল সাফল্য লাভ। ভ্রমণ কৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ১১।

মকৰ : বৈষয়িক অৱস্থাৰ স্বপ্লাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মতবিৰোধ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১।

কুম্ভ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্রয়োযোগ আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতর্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং কমলা, শুভ সংখ্যা ২।

মীন:অপ্রত্যাশিত ভাবে ধন লাভৰ যোগ আছে। কমসূত্ৰত ভ্রমণ যোগ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৬।

Exit mobile version