Theft : দু’হেজাৰ টকা চোৰ কৰি ১৪ বছৰ আত্মগোপন গুহাত !

অৱশেষত নিজেই আত্মসমৰ্পণ কৰিলে সেই চোৰে

download 3 1

Theft :

এটা গেছ ষ্টেচনৰ পৰা দুহেজাৰ টকা চুৰ কৰি পেলাইছিল এজন ব্যক্তি আৰু তেওঁৰ কেইজনমান সহযোগীয়ে । ২০০৯ চনৰ কথা । সেই ঘটনাৰ পাছত আৰক্ষীৰ পৰা হাত সাৰিবলৈ এটা গুহাত আত্মগোপন কৰে ব্যক্তিজনে ।

১৪ বছৰ আত্মগোপন কৰাৰ পাছত অৱশেষত আৰক্ষীৰ ওচৰত তেওঁ নিজকে সমৰ্পণ কৰে ।ঘটনাটো সংঘটিত হৈছে চীনৰ হুবেই প্ৰদেশত ।

লিউ মফু নামৰ এনচি চহৰৰ এজন ব্যক্তিৰ বিৰুদ্ধে গেছ ষ্টেচনত ডকাইতিৰ অভিযোগ উত্থাপিত হৈছিল। মফুৰ বিৰুদ্ধে ১৫৬ ইউয়ান (ভাৰতীয় মুদ্ৰাত ১,৮৫৯ টকা) চুৰি কৰাৰ অভিযোগ আছিল।

মফু আৰু তেওঁৰ সঙ্গীসকলে লুণ্ঠন কৰা ধনৰ পৰা ৬০ ইউয়ান (ভাৰতীয় মুদ্ৰাত ৭১৫ টকা) ব্যয় কৰি বাকীখিনি নিজৰ মাজত ভাগ কৰি লৈছিল।

তদন্তৰ নামি আৰক্ষীয়ে মফুৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰে। তেওঁ জানিছিল যে এইবাৰ তেওঁৰ পাল। গতিকে মফুৱে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰাৰ পৰিকল্পনা কৰে । অৱশেষত, তেওঁ এনে এখন ঠাই বাছনি কৰিলে য’ত তেওঁ জীৱনৰ ১৪ বছৰ সেই নিৰ্জন স্থানত কটাব লগা হয়।

মফুৱে চহৰৰ পৰা বহু দূৰত পাহাৰৰ এটা গুহাক তেওঁৰ আশ্ৰয় হিচাপে বাছনি লয় । অঞ্চলটোত কোনোধৰণৰ মানৱ যাতায়ত হোৱা নাছিল ।ফলস্বৰূপে, মফু তাতেই নিৰাপদে থাকিল। কিন্তু সময় যোৱাৰ লগে লগে জীয়াই থকাটো অধিক কঠিন হৈ পৰিল।

মফুৱে মুখ্যতঃ চিকাৰ কৰি খাদ্য খাহিছিল । তেওঁ নিজৰ সুৰক্ষাৰ বাবে কেইটামান কুকুৰও ৰাখিছিল । ১৪ বছৰ নানা প্ৰতিকূল পৰিস্থিতিৰ মাজতো দিন কটোৱাৰ পাছত, অৱশেষত মফুৱে তেওঁৰ পৰিয়ালৰ অনুৰোধত আত্মসমৰ্পণ কৰে।

Exit mobile version