Assam : কুৱালালামপুৰত উজ্জ্বলিল অসমৰ ৰাজনন্দিনী

9fad0bc7 7a54 433b 986b 7386d2209f04

Assam :

সত্ৰীয়া নৃত্যৰে বিদেশত উজ্জ্বলি উঠিল অসমৰ এগৰাকী কিশোৰী ৷ গুৱাহাটী হলিচাইল্ড স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মান্যতা ৰাজনন্দিনীয়ে মালয়েছিয়াৰ কুৱালালামপুৰ চহৰত অনুষ্ঠিত “ একত্ৰিশ সংখ্যক গ্লোবেল কম্পিটিশ্যন এণ্ড ফেষ্টিভেল অৱ ইণ্ডিয়ান আৰ্টচ এণ্ড কালচাৰ ” তথা ভাৰত সংস্কৃতি যাত্ৰা শীৰ্ষক সাংস্কৃতিক কাৰ্য্যসূচীত একক সত্ৰীয়া নৃত্যত দ্বিতীয় স্হান লাভ কৰে ৷

গুৱাহাটী মহানগৰীৰ ছয়মাইল নিবাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী প্ৰাঞ্জল ফুকন আৰু লতিকা দত্ত ফুকনৰ কন্যা ৰাজনন্দিনীয়ে কুৱালালামপুৰত হিন্দুস্তান আৰ্ট এণ্ড মিউজিক চচাইটিৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত লাভ কৰা এই সাফল্যৰ বাবে বিভিন্নজনে অভিনন্দন জনাইছে ৷

Exit mobile version