Cotton University Student Arrested : বিজেপিৰ নেতা বিজয় পাঠকক আক্ৰমণ কৰা দুই কটনিয়ানক আটক

WhatsApp Image 2023 03 05 at 13.55.53

Cotton University Student Arrested :

মহানগৰীৰ পল্টনবজাৰৰ ৰে’ল ষ্টেচনৰ ওচৰত শনিবাৰে দুৰ্বৃত্তই কামৰূপ মহানগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিজয় পাঠকক আক্ৰমণ কৰিছিল ৷

দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত ৷

ঘটনাৰ সংঘটিত পাছতেই পানবজাৰ আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাই কটন বিশ্ববিদ্যলয়ৰ দুই ছাত্ৰ মৃগাংক কাশ্যাপ আৰু ঋষিকেশ দাস আৰু মৃগাংক কাশ্যপক বিজেপি নেতাজনৰ আক্ৰমণৰ মুল মাষ্টাৰ মাইণ্ড হিচাপে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে ৷

ঘটনাৰ স’তে জড়িত থকাৰ সন্দেহত আন এজন কটনিয়ান মানস কমলক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, অভিযোগ মতে ,ধৃত কটনিয়ান কেইজনে গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত শনিবাৰে নিশা বিজেপি নেতাজনক আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় বিজেপে নেতাজন ।

আটকাধীন কটনিয়ান কেইজনৰ দলবদ্ধ আক্ৰমণত মূৰত সোতৰটা চিলাই পৰে বিজয়ৰ। আন এক অভিযোগ মতে, গুৱাহাটী ৰে’ল ষ্টেচনৰ বিষয়া এজনকো শনিবাৰে কটনৰ ছাত্ৰই প্ৰহাৰ কৰিছিল ৷

ইতিমধ্যে পানবজাৰ আৰক্ষীয়ে ধৃত ছাত্ৰ কেইজনক অধিক তথ্যৰ বাবে অব্যাাহত ৰাখেছে জেৰা

Exit mobile version